শ্ৰীলংকাত সংঘটিত হৈছে এক কৰুণ দুৰ্ঘটনা। বৃহস্পতিবাৰে পুৱাই সংঘটিত হোৱা দুৰ্ঘটনাটোত দেশখনৰ ৰাজ্যিক মন্ত্ৰী সনাথ নিচান্থ আৰু তেওঁৰ নিৰাপত্তা দলৰ এজন কনিষ্টবলৰ লগতে চালকজনৰ মৃত্যু হয়।
শ্ৰীলংকা আৰক্ষীয়ে এক বিবৃতিত জনোৱা মতে, ৪৮ বছৰীয়া জল যোগান বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰা এছ ইউ ভি বাহনখনে পুৱা ২ বজাত কলম্বো অভিমুখী এখন মালবাহী কণ্টেইনাৰ ট্ৰাকৰ পিছফালে খুন্দা মাৰে।
এই দুৰ্ঘটনাটোৰ ফলত মন্ত্ৰীগৰাকী আৰু তেওঁৰ এগৰাকী সুৰক্ষাকৰ্মী ঘটনাস্থলতে নিহত হোৱাৰ বিপৰীতে বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হয়। চালকজন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে।
কান্দানাৰ সমীপৰ কাটুনায়াকে এক্সপ্ৰেছৱে’ত সংঘটিত এই দুৰ্ঘটনাটোৰ তদন্ত কৰিবলৈ আৰক্ষীৰ এটা দল ইতিমধ্যেই ঘটনাস্থললৈ ৰাওনা হৈছে।
২০১৫ চনৰ পৰা সংসদৰ সদস্য হৈ থকা নিচান্থে পুত্তলাম জিলাক প্ৰতিনিধিত্ব কৰিছিল।