সোমবাৰে সমগ্ৰ বিশ্ব এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ পৰিল । অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰে। ৰামলালাৰ প্ৰতিমূৰ্তিৰ প্ৰথম দৰ্শনত অভিভূত হৈ পৰিল সকলো। ৰামলালাৰ এই শিলৰ মূৰ্তিৰ উচ্চতা ৫১ ইঞ্চি।মূৰ্তিটোৰ ওজন প্ৰায় ২০০ কিলোগ্ৰাম।শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে জনাইছে যে এই প্ৰতিমূৰ্তি ৩০০ কোটি বছৰৰ পুৰণা গ্ৰেনাইটৰ দ্বাৰা নিৰ্মিত। কৰ্ণাটকৰ মহীশূৰ জিলাত পোৱা যায় এই শিল।এই শিলৰ ৰং প্ৰায় ক’লা ।ভাস্কৰ্য শিল্পৰ বাবে উত্তম এই শিল। পুৰাতত্ত্ববিদসকলৰ মতে,খননৰ সময়ত ওপৰলৈ ওলোৱা কঠিন শিল সাধাৰণতে কোমল প্ৰকৃতিৰ। কিন্তু বহু সময় মুকলি পৰিৱেশত ৰাখিলে শিলটো ক্ৰমান্বয়ে কঠিন হৈ পৰে । ইয়াৰ পিছতে এই শিলেৰে মূৰ্তি নিৰ্মাণ কৰাটো কঠিন হৈ পৰে। সাধাৰণতে ভাস্কৰ্য শিল্পীসকলে শিলটো কঠিন হোৱাৰ আগতেই শিলৰ ওপৰত খোদিত কাম সম্পূৰ্ণ কৰে।ৰাম মন্দিৰৰ গৰ্ভ গৃহত স্থাপন কৰা ৰামলালাৰ মূৰ্তিটো নিৰ্মাণ কৰিছে কৰ্ণাটকৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে। তেওঁ ছমাহ ধৰি কঠিন শিলেৰে ৰামলালাৰ মূৰ্তি খোদিত কৰিছিল।অৰুণে কেৱল ৰামলালাৰ মূৰ্তিয়ে নহয়,কেদাৰনাথত আদি শংকৰাচাৰ্যৰ ১২ফুট ওখ প্ৰতিমূৰ্তি আৰু ইণ্ডিয়া গেটৰ সমীপৰ অমৰ জৱান জ্যোতিৰ পিছফালে ৩০ফুট ওখ নেতাজী সুভাষচন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল।এজন পাঁচ বছৰীয়া শিশু হিচাপে নিৰ্মাণ কৰা হৈছে ৰামলালাৰ মূৰ্তি।