জানো আহক পতাকা উত্তোলন আৰু পতাকা উন্মোচনৰ মাজৰ পাৰ্থক্য

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস ভাৰতৰ দুটা গুৰুত্বপূৰ্ণ দিন। এই দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন/উন্মোচন কৰি দেশৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয়।

এই দুটা দিনত পতাকা যদিও উত্তোলন কৰা বুলি কোৱা হয় তথাপি দুয়োটা দিনৰ পতাকা উত্তোলন একে ধৰণৰ নহয় আৰু ইয়াৰ অৰ্থও একে নহয়।

স্বাধীনতা দিৱস

স্বাধীনতা দিৱসৰ দিনা পতাকাখন তলতে সামৰি বা নুৰাই লৈ বান্ধি থোৱা হয়। উত্তোলনৰ সময়ত ক্ষীপ্ৰ গতিৰে ওপৰলৈ নি ইয়াক তৎক্ষণাৎ খুলি দিয়া হয়। ইংৰাজীত ইয়াক Flag hoisting বুলি কোৱা হয়। অৰ্থাত ধ্বজ আৰোহণ বা ধ্বজ উত্তোলন। কাৰণ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেইদিনা চৰকাৰীভাৱে ব্ৰিটিছৰ পতাকা নমাই ভাৰতৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰা হৈছিল। তেতিয়াৰ পৰাই চলি আহিছে এই পদ্ধতি।

গণৰাজ্য দিৱস

আনহাতে গণৰাজ্য দিৱসত পতাকাখন একেবাৰে ওপৰত সামৰি বা নুৰাই বান্ধি থোৱা হয় আৰু ওপৰতে খুলি বা মেলি দিয়া হয়। সেয়ে ইয়াক উত্তোলন বা আৰোহন নুবুলি উন্মোচন বুলি কোৱা হয়।

ইংৰাজীত ইয়াক Flag unfurl বুলি কোৱা হয়। ইয়াৰ অৰ্থ এই দিনটোত আমি নিজা সংবিধান মতে সকলো প্ৰজা অনুশাসিত হও আৰু আমি কাৰো অধীন নহয়। অৰ্থাত আমি প্ৰজা হিচাবে মুক্ত আৰু নিজে নিজক শাসন কৰিম। মুক্ত অৰ্থ বুজাবলৈ পতাকাখন কেৱল খুলি দিয়া বা উন্মোচন কৰাহে হয়। উন্মোচন শব্দৰ অৰ্থ মুকলি।

১৯৪৭ চনৰ ১৫ আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছত অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয়। আৰু তেতিয়াৰ পৰাই এই দিনটো গণৰাজ্য দিৱস হিচাবে পালন কৰি অহা হৈছে।

Comments (0)
Add Comment