আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ খিতাপেৰে সন্মানিত কৰিছে। এই খিতাপ লাভ কৰাৰ লগে লগে আই চি চিৰ সৰ্বাধিক অৰ্থাত ১০টা ব্যক্তিগত বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে কোহলী।
ভাৰতৰে মহম্মদ ছামি আৰু শুভমন গিলৰ লগতে নিউজিলেণ্ডৰ ডেৰিল মিচেলক পৰাস্ত কৰি কোহলীয়ে এই বঁটা লাভ কৰিছে। কোহলীয়ে এই বঁটা চতুৰ্থবাৰৰ বাবে লাভ কৰিছে। চাৰিবাৰকৈ বৰ্ষশ্ৰেষ্ঠ সন্মান লাভ কৰা প্ৰথম খেলুৱৈ কোহলী। ইয়াৰ পূৰ্বে ২০১২, ২০১৭ আৰু ২০১৮ চনতো তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল।
২০২৩ চনত এদিনীয়া ক্ৰিকেটত প্ৰদৰ্শন কৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কোহলীয়ে এই বঁটা লাভ কৰিছে। বিশ্বকাপত কোহলীয়ে ১১টা ইনিংছত ৭৬৫ ৰান সংগ্ৰহ কৰিছিল।
২০২৩ চনত এদিনীয়া ক্ৰিকেটৰ ২৭খন খেলত ৫৯.৮৬ গড়ে ১৩৭৭ ৰান সংগ্ৰহ কৰিছে কোহলীয়ে। ইয়াৰ ভিতৰত আছে ছয়টা শতক আৰু আঠটা অৰ্ধশতক।
ইফালে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক আই চি চিৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰৰ সন্মান প্ৰদান কৰা হৈছে। এইটো আই চি চিৰ আটাইতকৈ ডাঙৰ সন্মান।