ৰোহন বোপান্নাৰ বিশ্ব অভিলেখ। টেনিছৰ ইতিহাসত গ্ৰেণ্ড শ্লেম জয় কৰা আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৪৩ বছৰীয়া ৰোহন বোপান্না।
শনিবাৰে সতীৰ্থ মেথিউ এবডেনৰ সৈতে অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ডাবলছ ট্ৰফী লাভ কৰে। ফাইনেলত ছিমন বলেলি আৰু আন্দ্ৰেয়া ভাভাছ’ৰীক ৭-৬, ৭-৫ ছেটত পৰাস্ত কৰে।
উল্লেখ্য যে, পুৰুষৰ ডাবলছত এয়া বোপান্নাৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম ট্ৰফী। ইয়াৰ পূৰ্বে তেওঁ ২০১৭ চনৰ ফ্ৰেন্স অ’পেনত কানাডিয়ান সংগী গেব্ৰিয়েলা ডাব্ৰ’স্কিৰ সৈতে মিক্সড ডাবলছতহে গ্ৰেণ্ড শ্লেম জয়ী হৈছিল।
পুৰুষৰ ডাবলছ ৰেংকিঙত বিশ্বৰ আটাইতকৈ বয়স্ক টেনিছ খেলুৱৈ শীৰ্ষস্থান অধিকাৰেৰে ইতিহাস ৰচা বোপান্নাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে দেশৰ ক্ৰীড়ানুৰাগী।