আমেৰিকাত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। শেহতীয়াকৈ চিকাগোৰ এখন বিদ্যালয়ৰ বাহিৰত অচিনাক্ত বন্দুকধাৰীয়ে চলোৱা আক্ৰমণত দুজন ছাত্ৰৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
স্থানীয় সময় অনুসৰি, শুকুৰবাৰে দুপৰীয়া ১২.২৫ বজাত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছে। এই ঘটনাৰ পিছত সংকটজনক অৱস্থাত শিক্ষাৰ্থী দুজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়ত দুয়োৰে মৃত্যু ঘটে।
চিকাগো অগ্নিনিৰ্বাপক বাহিনীৰ মুখপাত্ৰ লেৰী লেংফৰ্ডে জনোৱা মতে, মুখত কাপোৰ বান্ধি অহা দুৰ্বৃত্তই দুখন বাহনৰ পৰা নামি ইনোভেচন হাইস্কুলৰ পৰা ওলাই অহা ছাত্ৰ-ছাত্ৰীৰ এটা দললৈ লক্ষ্য কৰি গুলীচালনা কৰে।
এই ঘটনাত দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত ছাত্ৰ দুজনক নৰ্থৱেষ্টাৰ্ণ মেম’ৰিয়েল হাস্পতাললৈ লৈ যোৱা হয় যদিও কিছু সময়ৰ পিছতে চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।
সম্প্ৰতি আৰক্ষীয়ে গোচৰৰ তদন্ত কৰি পলাতক অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে।
উল্লেখ্য যে, আমেৰিকাত এইধৰণৰ গুলীচালনাৰ ঘটনা বৃদ্ধি পোৱাত প্ৰশাসন চিন্তিত হৈ পৰিছে। ৰাষ্ট্ৰপতি জ’ বিডেনেও শেহতীয়াকৈ এই ধৰণৰ ঘটনা বৃদ্ধি পোৱাত চিন্তিত হৈছে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক কঠোৰ হ’বলৈও নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰপতিয়ে।