গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰ মণিপুৰ; অস্ত্ৰধাৰীৰ আক্ৰমণত এজনৰ মৃত্যু, চাৰিজন আহত

মণিপুৰৰ কাংপোকপি জিলাত শনিবাৰে পুৱা দুটা সশস্ত্ৰ সংগঠনৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত এজন গাঁৱৰ স্বেচ্ছাসেৱক নিহত হোৱাৰ লগতে চাৰিজন লোক আহত হয়।

এখন পাহাৰীয়া কুকি গাঁৱত অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি বন্দুক আৰু বোমাৰে আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, সাতং গাঁৱত নিৰাপত্তা বাহিনীৰ লোক উপস্থিত হোৱাৰ পিছত আক্ৰমণকাৰীয়ে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

বন্দুকধাৰীৰ আক্ৰমণত আহত হোৱা সকলক ইম্ফলৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, আহতসকলৰ ভিতৰত এজনৰ মুখত আৰু আন এজনে উৰুত আঘাত পাইছে।

সূত্ৰটোৱে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত উপস্থিত হোৱাৰ পিছতে বন্দুকধাৰী দুৰ্বৃত্তই ঘটনাস্থলৰ পৰা পলায়ন কৰে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, আহত লোকসকলৰ ভিতৰত এজনৰ মুখত আৰু আন এজনৰ উৰুত আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে, অজনজাতি মেইটেই সম্প্ৰদায়ক জনজাতি মৰ্যাদা প্ৰদানৰ বিৰোধিতাৰ লগতে সংৰক্ষিত বনভূমিৰ পৰা কুকী গাঁওবাসীক উচ্ছেদ কৰাৰ পিছৰে পৰা অৰ্থাত ২০২৩ বৰ্ষৰ ৩ মে’ৰ পৰা ৰাজ্যখনত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছে।

Comments (0)
Add Comment