ৱেষ্ট ইণ্ডিজ দলে অষ্ট্ৰেলিয়াৰ গাব্বাত এনে এক কৃতিত্ব গঢ়িলে, যিটো কেৰিবিয়ান ক্ৰিকেটৰ ইতিহাসত বছৰ বছৰ ধৰি স্মৰণীয় হৈ থাকিব। দ্বিতীয়খন টেষ্টত ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়া দলক ৮ ৰানত পৰাস্ত কৰি ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে।
এদিন পূৰ্বে সোঁভৰিৰ বুঢ়া আঙুলিত আঘাত পোৱা শ্বামাৰ জোচেফে টেষ্টৰ চতুৰ্থ দিনটোত বিধ্বংসী ৰূপ ধাৰণ কৰাত আয়োজক দলৰ বাবে মূৰৰ কামোৰণি হৈ পৰে।
অষ্ট্ৰেলিয়াক জয়ৰ বাবে চতুৰ্থ ইনিংছত প্ৰয়োজন আছিল ২১৬ ৰানৰ। এটা সময়ত ২০৬ ৰানত ৯টাকৈ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ গৰাহত আছিল অষ্ট্ৰেলিয়া। কিন্তু দলটোৰ আশা-ভৰষা আছিল এটাই যে সেই সময়ত ক্ৰিজত আছিল নিৰ্ভৰযোগ্য বেটছমেন ষ্টিভ স্মিথ আৰু জ’ছ হেজেলউড। ইনিংছৰ ৫১ নম্বৰ অ’ভাৰ কৰি আছিল শ্বামাৰ জোচেফে। অ’ভাৰৰ চতুৰ্থটো বলত স্মিথে এক ৰান লয় আৰু সেইটোৱে মাৰাত্মক ভুল বুলি প্ৰমাণিত হয়।
সুযোগৰ অপেক্ষাত থকা জোচেফে অ’ভাৰৰ পঞ্চমটো বলত হেজেলউডৰ অফ ষ্টাম্প দলিয়াই দিয়াত গাব্বাত এক নতুন ইতিহাসৰ সূচনা কৰে ৱেষ্ট ইণ্ডিজ দলে। ক্ৰিজৰ আনটো মূৰত ৯১ ৰানত অপৰাজিত হৈ থাকে ষ্টিভ স্মিথ।
উল্লেখ্য যে, শ্বামাৰ জোচেফে টেষ্টৰ চতুৰ্থ দিনটোত ধাৰণ কৰা বিধ্বংসী ৰূপত অষ্ট্ৰেলিয়াৰ বেটিং অৰ্ডাৰ সম্পূৰ্ণৰূপে তচ-নচ হৈ যায়।
কেৰিবিয়ানৰ এই বেগী বলাৰগৰাকীয়ে ৬৮ ৰান খৰচ কৰি ৭টা উইকেট দখল কৰে। জোচেফে তেওঁৰ শক্তিশালী প্ৰদৰ্শনৰ বাবে মেন অৱ দ্য মেচ আৰু মেন অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰে।
উল্লেখ্য যে, শৃংখলাৰ দ্বিতীয়খন মেচত ৱেষ্ট ইণ্ডিজ দলে প্ৰথম ইনিংছত ৩১১ ৰান কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ২৮৯ ৰান। প্ৰথম ইনিংছত ২২ ৰানৰ অগ্ৰগতি লাভ কৰা ৱেষ্ট ইণ্ডিজ দলে দ্বিতীয় ইনিংছত মাত্ৰ ১৯৩ ৰানতে অলআউট হয়।
২১৬ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা আয়োজক অষ্ট্ৰেলিয়াই নিজৰ চতুৰ্থ ইনিংছটোত ২০৭ ৰানতে অলআউট হয়। আৰু এইদৰে ৱেষ্ট ইণ্ডিজ দলে ২৭ বছৰৰ মূৰত অষ্ট্ৰেলিয়াক নিজৰ মাটিত পৰাস্ত কৰিবলৈ সক্ষম হয়।