চাওমিন, বাৰ্গাৰ আদি দেখিলে লোভ সামৰিব নোৱাৰে নেকি? খাদ্যাভাসৰ নিয়ন্ত্ৰণ ৰাখিবলৈ মানি চলক ৫টা নিয়ম। ISHAN NEWS…

বাহিৰৰ খাদ্য দেখিলে বহুতে সম্বৰণ কৰিব নোৰাৰে লোভ।শৰীৰ সবল কৰি ৰাখিবলৈ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ থকাটো প্ৰয়োজন।কামৰ ব্যস্ততা যিমানে বাঢ়ি যায় সিমানেই অনিয়মিত খাদ্যাভ্যাসৰ প্ৰৱণতা বৃদ্ধি পায়। দৈনন্দিন জীৱনত কি কি কথা মনত ৰাখিলে খাদ্যৰ নিয়ন্ত্ৰণ কৰিব পাৰি চাওঁ আহক।

১) আহাৰত থকা মুঠ কেলৰিৰ  ২৫ শতাংশ কেলৰি যেতিয়া প্ৰ’টিনৰ পৰা আহে তেতিয়া অস্বাস্থ্যকৰ খাদ্য খোৱাৰ প্ৰৱণতা প্ৰায় ৬০শতাংশ হ্ৰাস পায়। গতিকে দিনটোৰ প্ৰতিটো আহাৰত যাতে পৰ্যাপ্ত পৰিমাণে প্ৰ’টিন থাকে তাৰপ্ৰতি লক্ষ্য ৰাখিব লাগে।

২) চুইংগাম মুখত ৰাখিলে মিঠা আৰু নিমখীয়া খাদ্যৰ প্ৰতি লোভ কমি যায়।চেনীমুক্ত নহ’লে কেলৰি বৃদ্ধিৰ লগে লগে সমস্যাৰ সৃষ্টি হ’ব ।

৩) শৰীৰত পানীৰ অভাৱ হ’লে  খোৱা-বোৱাৰ অনুভূতি বাঢ়ি যায়। গতিকে দিনটোত কমেও ডেৰ লিটাৰৰ পৰা তিনি লিটাৰ পানী খাব লাগে।পানীৰ উপৰিও ডিটক্স ৱাটাৰ,দৈ,আদি খাব লাগে।

৪) টোপনিৰ অভাৱত ভজা বা মিঠা খাদ্যৰ প্ৰতি আসক্তি বৃদ্ধি পাব পাৰে। গতিকে ভালদৰে শুবলৈ যত্ন কৰক।

৫) মানসিক চাপ বাঢ়িলে গ্লুক’জ সমৃদ্ধ খাদ্য খোৱাৰ প্ৰবল ইচ্ছা হয়। গতিকে মানসিক চাপৰ পৰা আঁতৰি আড্ডা,নিজক ব্যস্ত ৰখা কাম কৰিব লাগে।

Comments (0)
Add Comment