পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। মঙলবাৰে আদালতে চাইফাৰ গোচৰত শাস্তি প্ৰদান কৰে দুয়োগৰাকী নেতাক।
ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত হোৱা শুনানিৰ সময়ত বিশেষ আদালতৰ ন্যায়াধীশ আবুল হাছনাত জুলকাৰনাইনে এই ৰায় প্ৰদান কৰে।
আদালতৰ এই ৰায়ত এতিয়া অসন্তুষ্ট হৈ পৰিছে ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহৰিক-ই-ইনচাফ দল। দলৰ শীৰ্ষ নেতৃত্বই জানিব দিয়া অনুসৰি আদালতৰ এই সিদ্ধান্তক তেওঁলোকে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব।
উল্লেখ্য যে, ইমৰান খানক ২০২৩ বৰ্ষৰ মাৰ্চত ৱাশ্বিংটনত দেশৰ দূতাবাসে প্ৰেৰণ কৰা এক গোপন কূটনৈতিক কেবল (চাইফাৰ) প্ৰকাশ কৰি অফিচিয়েল চিক্ৰেটছ এক্ট উলংঘা কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু এই গোচৰটো সন্দৰ্ভত আগষ্টত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াকে ধৰি বিভিন্ন ধৰণৰ অভিযোগ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে। বিভিন্ন গোচৰত ইতিমধ্যেই কাৰাগাৰত বন্দী হৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান।
কাৰাগাৰত থকাৰ সময়তে ইমৰান খানৰ বিৰুদ্ধে এইবাৰ আদালতে ঘোষণা কৰা এই ৰায়ে পুনৰ এবাৰ তেওঁৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।