১০৩ বছৰীয়া এগৰাকী স্বাধীনতা সংগ্ৰামীয়ে তেওঁৰ আধাতকৈও কম বয়সৰ এগৰাকী মহিলাক বিয়া কৰাই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ভূপালৰ স্বাধীনতা সংগ্ৰামী হাবিব নাজাৰে ইতৱাৰা অঞ্চলত কৰা নিকাহ অনুষ্ঠানত ৪৯ বছৰীয়া ফিৰোজ জাহানৰ পাণি গ্ৰহণ কৰে।হাবিব নাজাৰৰ এয়া তৃতীয় বিবাহ। দ্বিতীয় পত্নীৰ মৃত্যুৰ পিছত তেওঁ অকলশৰীয়া হৈ পৰিছিল আৰু তৃতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয়।যোৱা বছৰেই সম্পন্ন হোৱা বিবাহ খন এই বছৰ অৰ্থাৎ জানুৱাৰী মাহতহে চৰ্চালৈ আহে।নাজাৰৰ প্ৰথম বিবাহ মহাৰাষ্ট্ৰৰ নাছিকত হৈছিল আৰু দ্বিতীয় বিবাহ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল। ফিৰোজ জাহানৰো এয়া দ্বিতীয় বিবাহ। স্বামীৰ মৃত্যুৰ পিছত ফিৰোজো অকলে বাস কৰিছিল।৪৯ বছৰীয়া ফিৰোজ এই বিবাহৰ প্ৰস্তাৱত সন্মত হৈছিল কিয়নো ১০৩ বছৰীয়া স্বাধীনতা সংগ্ৰামীজনৰ যত্ন ল’বলৈ কোনো নাছিল।