ৰঙীন ফল-মূল আৰু শাক-পাচলিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ৰঙীন ফল-মূল আৰু শাক-পাচলিৰে সমৃদ্ধ খাদ্যক ৰামধেনু খাদ্য বোলা হয়। বিভিন্ন ৰঙৰ ফল-মূলৰ স্বাস্থ্যৰ উপকাৰো বেলেগ বেলেগ।জানি থওঁক ৰামধেনু ডায়েটৰ ভিতৰৰ খাদ্য সম্ভাৰ।
১) বেঙুনীয়া, নীলা,আকাশীঃ শাক-পাচলি আৰু ফলৰ ৰং কম নীলা, বেঙুনীয়া বা আকাশী। অৱশ্যে ক’লা জামু, বেঙেনা, বেঙুনীয়া কবি আদি দৈনন্দিন খাদ্যত ৰাখিব পাৰি।নীলা ৰঙৰ বিশেষ উপাদানে যকৃতৰ সমস্যা হ্ৰাস কৰে, ৰক্তচাপ কমায়,বাৰ্ধক্য দূৰ কৰে।ইয়াৰ উপৰিও হৃদৰোগ কমোৱাত সহায় কৰে আৰু স্মৃতিশক্তি বৃদ্ধি কৰে।
২) সেউজীয়া শাকঃসেউজীয়া শাক-পাচলিৰ ভিতৰত কচু আটাইতকৈ উপকাৰী। ইয়াৰ উপৰিও শস্য, বিন, বিলাহী,কবি, অন্যান্য শাক-পাচলি,কিৱি,আঙুৰ, খাদ্যত অধিক ৰাখিব পাৰি। সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।চকুৰ দৃষ্টিশক্তি ভাল,হৃদয় সবল কৰি ৰাখিবলৈ সেউজীয়া শাক-পাচলিৰ তুলনা নাই। কিন্তু বেছিকৈ ৰান্ধিলে পুষ্টি হেৰাই যায়। গতিকে লাহে লাহে সিজোৱা বা কেঁচাকৈ খালে অধিক সুফল পোৱা যায়।
৩) হালধীয়াঃনেমু, কুঁহিয়াৰ,আনাৰস, হালধীয়া জলকীয়া আদিত থকা কেৰটিনয়ডে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ছালখন সুস্থ কৰি ৰাখিবলৈ আৰু কেন্সাৰ প্ৰতিৰোধৰ বাবে হালধীয়া শাক-পাচলি খোৱাটো গুৰুত্বপূৰ্ণ।
৪) কমলাঃকমলা ৰঙৰ ফল-মূল আৰু শাক-পাচলি শীতকালত বজাৰত পোৱা যায়।কমলা,বিলাহী,গাজৰ আদি।কমলা ৰঙৰ ফল-মূলত থকা কেৰটিনে ছালৰ দৃষ্টিশক্তি ভাল ৰাখে,ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে, হাওঁফাওঁ শক্তিশালী কৰি ৰখাত সহায় কৰে।
৫)ৰঙাঃবিলাহী,ষ্ট্ৰবেৰী,বুট,চেৰী, জলকীয়া,আদি ৰঙা ফল-মূলত বহু পৰিমাণে ভিটামিন এ আৰু চি থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, হৃদযন্ত্ৰ সুস্থ কৰি ৰখা,হাঁপানী ৰোগ প্ৰতিৰোধৰ বাবে ৰঙা শাক-পাচলি আৰু ফল-মূল খোৱাটো জৰুৰী।
খাদ্যত অধিক ৰঙীন শাক-পাচলি আৰু ফল-মূল ৰাখিলে শৰীৰত প্ৰৱেশ কৰা ফাইবাৰে পেটটো বহু সময়লৈকে ভৰাই ৰাখে। শাক-পাচলি আৰু ফল-মূলত কেলৰি কম থাকে।ফলত ওজনো নিয়ন্ত্ৰণত থাকে। খাদ্যত অধিক ৰঙীন শাক-পাচলি ৰাখক।কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ পৰিমাণ কমাই দিয়ক।এই সৰু পৰিবৰ্তন বোৰৰ ফলতেই শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ নহ’ব আৰু উজনো কমি যাব।