মেক্সিকোত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে পুৱা প্ৰায় ৪:৩০ বজাত দেশখনৰ চিনালোয়া ৰাজ্যৰ ১৫ডি ঘাইপথত এখন বাছ আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মাজত হোৱা সংঘৰ্ষত কমেও ২০ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰি এই দুৰ্ঘটনাত ১৬ জনকৈ লোক আহত হৈছে।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ পিছতেই জ্বলি উঠিছিল দুয়োখন বাহন। মেক্সিকোৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, মাজাটলান আৰু কুলিয়াকানৰ মাজৰ আলোটা পৌৰসভা এলেকাৰ বস্কোছ’ৰ ওচৰৰ ১৫ডি হাইৱেত সংঘটিত হয় এই দুৰ্ঘটনা।
বাছখন জালিস্কোৰ গুয়াডালাজাৰাৰ পৰা লছ মোচিছ (চিনালোয়া)লৈ গৈ আছিল। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ অধিকাংশই সাগৰৰ পাৰৰ চহৰ লছ মোচিছৰ বুলি জানিব পৰা গৈছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাছখনত ৩৭ জন যাত্ৰী আছিল। এই পৰ্যন্ত মৃত লোকসকলৰ নাম প্ৰকাশ কৰা হোৱা নাই। ইফালে স্থানীয় আৰক্ষী-প্ৰশাসনে ঘটনাস্থলত উপস্থিত হৈ এই মৰ্মান্তিক পথ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।