নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; ২১ গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু

অশান্তজৰ্জৰ বেলুচিস্তানত সোমবাৰৰ নিশাৰ পৰা নিৰাপত্তাৰক্ষীৰ বৃহৎ দল এটাই চলোৱা সন্ত্ৰাসবাদী বিৰোধী অভিযানত এটা নিষিদ্ধ ঘোষিত সংগঠনৰ কমেও ২১ গৰাকী উগ্ৰপন্থী নিহত হৈছে।

বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা জনায়। উল্লেখ্য যে, সন্ত্ৰাসবাদীয়ে তিনিটাকৈ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল, য’ত লক্ষ্য কৰি লোৱা হৈছিল এখন উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰো।

সোমবাৰে নিশা বেলুচিস্তানৰ মাচ চহৰ আৰু কোলপুৰ অঞ্চলত অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে সংঘটিত কৰা আক্ৰমণৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অঞ্চল দুটাত অভিযান তীব্ৰতৰ কৰি তুলিছিল।

অভিযান সন্দৰ্ভত এগৰাকী বিষয়াই কয়, ‘মাচ আৰু কোলপুৰত চলা অভিযানৰ সময়ত এতিয়ালৈকে ২১ গৰাকী উগ্ৰপন্থী নিহত হৈছে’।

সেনাৰ সংবাদ মাধ্যমৰ শাখা ‘ইণ্টাৰ চাৰ্ভিচেজ পাব্লিক ৰিলেশ্যনছ’ চমুকৈ আই এছ পি আৰৰ তথ্য অনুসৰি অভিযানৰ সময়ত চাৰিজন নিৰাপত্তাৰক্ষী আৰু দুজন সাধাৰণ নাগৰিকো নিহত হয়।

Comments (0)
Add Comment