বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনটোতেই বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। তেল বিপণন কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে।
ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ৱেবছাইট অনুসৰি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৪ টকা বৃদ্ধি কৰা হৈছে। এই বৰ্ধিত নিৰিখ ১ ফেব্ৰুৱাৰী অৰ্থাত আজিৰ পৰা কাৰ্যকৰী হৈছে।
নতুনকৈ বৃদ্ধি পোৱা মূল্য অনুসৰি, এতিয়াৰ পৰা দিল্লীত ১৯ কেজি চিলিণ্ডাৰৰ মূল্য ১৭৫৫.৫০ টকাৰ পৰা ১৭৬৯.৫০ টকালৈ বৃদ্ধি পাইছে। কলকাতাত ১৮৬৯ টকাৰ পৰা ১৮৮৩ টকালৈ, মুম্বাইত ১৭০৮ টকাৰ পৰা ১৭২৩ টকালৈ আৰু চেন্নাইত ১৯২৪.৫০ টকাৰ পৰা ১৯৩৭ টকালৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে, যোৱা মাহত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছিল যদিও এমাহৰ পিছতেই ইয়াৰ মূল্য বৃদ্ধি কৰাত ৰাইজৰ মাজত অসন্তুষ্টি দেখা গৈছে।