বাজেটত বিত্তমন্ত্ৰীৰ ঘোষণা – ২০২৪ বৰ্ষত ৩ কোটি মহিলা হ’ব লাখপতি

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে অন্তৱৰ্তীকালীন বাজেট। বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে লাখপতি দিদী আঁচনি সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে।

বাজেট দাখিল কৰি তেওঁ কয় যে, লাখপতি দিদী আঁচনিৰ অধীনত ২০২৩ বৰ্ষত এক কোটি মহিলা উপকৃত হৈছে। ২০২৪ চনত চৰকাৰে ৩ কোটি মহিলাক লাখপতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

পূৰ্বে এই লক্ষ্য বছৰি ২ কোটি আছিল যদিও এতিয়া ৩ কোটিলৈ বৃদ্ধি কৰা হৈছে।

২০২৩ চনত মুঠ ৯ কোটি মহিলাক সৱলীকৰণ কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মোদী চৰকাৰে মহিলাৰ বিকাশৰ প্ৰতি বিশেষ গুৰুত্ব দিছে। লাখপতি দিদী আঁচনি ইয়াৰ এটা অংশ।

‘লাখপতি আঁচনিয়ে মহিলাৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিছে। নাৰী স্বাৱলম্বী হৈ পৰিছে। নিজাকৈ ব্যৱসায় চলাই আৰ্থিকভাৱে সবল হৈ পৰিছে তেওঁলোক’, এইদৰে কয় বিত্তমন্ত্ৰী সীতাৰমণে।

Comments (0)
Add Comment