মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। থানাৰ ভিতৰত শিৱসেনা (সিন্দে গোট)ৰ নেতাৰ ওপৰত নিৰ্বিচাৰ গুলী চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী বিধায়ক।
শুকুৰবাৰে উলহাছনগৰ চহৰৰ হিল লাইনছ আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক অনিল জগতাপৰ কোঠাৰ ভিতৰত গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছিল।
জানিব পৰা মতে, শাসনাধিষ্ঠ বিজেপি বিধায়ক গণপত কালু গায়কোৱাড় আৰু চহৰৰ শিৱসেনাৰ অধ্যক্ষ মহেশ গায়কোৱাড়ৰ মাজত চলি থকা ভূমি সংক্ৰান্তীয় সংঘাত মিমাংসা কৰাৰ বাবে আৰক্ষীয়ে দুয়োজন নেতাকে থানালৈ মাতিছিল।
আৰক্ষীৰ উপস্থিতিত দুয়োপক্ষৰ মাজত চলি থকা আলোচনাৰ মাজতে বিজেপি বিধায়কগৰাকীয়ে নিজৰ পিষ্টলটো উলিয়াই মহেশ গায়কোৱাড়ৰ ওপৰত কেইবা ৰাউণ্ড গুলী চলায়। এই গুলীচালনাত গুৰুতৰভাৱে আহত হয় শিৱসেনাৰ নেতাগৰাকী।
গুলীবিদ্ধ নেতাগৰাকীক স্থানীয় এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু বিজেপি বিধায়ক গণপত গায়কোৱাড় আৰু তেওঁৰ তিনি সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এই ঘটনাৰ পিছতে আৰক্ষী থানাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে ঘটনাটোত কোনো আৰক্ষী কৰ্মী আহত হোৱা নাই।
ইফালে থানাৰ ভিতৰত এগৰাকী বিজেপি বিধায়কে গুলীচালনা কৰা ঘটনা সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ পদত্যাগৰ দাবী জনাইছে।