মদ-মাংস ত্যাগৰ লগতে দেশ এৰি লগা হৈছে ৰণবীৰ কাপুৰ । হঠাৎ এই সিদ্ধান্ত কিয় ?

শেহতীয়াকৈ ‘এলিমেল’ চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা ৰণবীৰ কাপুৰৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে অনুৰাগীৰ সংখ্যা।অভিনয়ৰ লগতে অভিনেতাজনৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈও উৎসুক হৈ থাকে অনুৰাগীসকল।এইবাৰ অভিনেতাগৰাকীয়ে ‘ৰামায়ণ’ ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।ছবিখনত তেওঁক ৰামৰ চৰিত্ৰত দেখা পোৱা যাব। চৰিত্ৰটি সফল ৰূপায়নৰ বাবে তেওঁ পালন কৰিছে বহুকেইটা নিয়ম।অভিনেতাগৰাকীয়ে খাদ্য তালিকাৰ পৰা বৰ্জন কৰিছে মদ,মাংস। পাঞ্জাৱী পৰিয়াল হিচাপে মদ-মাংসৰ প্ৰতি থকা প্ৰৱণতা সকলোৰে জ্ঞাত। কিন্তু শ্বুটিঙৰ পূৰ্ব প্ৰস্তুতি হিচাপে মদ-মাংস খোৱা বন্ধ কৰিছে ৰণবীৰ কাপুৰে। ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ সময়ত নিজৰ ৰাজহুৱা ভাৱমূৰ্তিক লৈ অলপ চিন্তিত হৈ পৰিছিল ৰণবীৰ কাপুৰ। তেওঁৰ মতে তেওঁ মনৰ পৰা নিজকে শুদ্ধ কৰিব বিচাৰে।তেতিয়াহে তেওঁ নিজকে সম্পূৰ্ণৰূপে ৰাম চৰিত্ৰৰ ওচৰত সমৰ্পণ কৰিব পাৰিব।চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব নিতেশ তিৱাৰীৰ পৰিচালিত ৰামায়ণৰ শ্বুটিং।মুঠ ১২০ দিনৰ শ্বুটিং হ’ব মুম্বাই আৰু লণ্ডনত। মুম্বাইৰ পিছত গোটেই দলটো লণ্ডনলৈ ৰাওনা হ’ব।

Comments (0)
Add Comment