সাধাৰণ নিৰ্বাচনৰ এদিন পূৰ্বে কঁপি উঠিল পাকিস্তান। এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত এতিয়ালৈকে ২৬গৰাকী লোকে প্ৰাণ হেৰুওৱা বুলি খবৰ আহিছে।
ইফালে এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে ৩০ গৰাকী লোক।
পাকিস্তানৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিস্ফোৰণৰ ঘটনাটো বেলুচিস্তানৰ পিশিন জিলাৰ নৌকাণ্ডি অঞ্চলত সংঘটিত হৈছে। নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীৰ কাৰ্যালয়ৰ বাহিৰত দুপৰীয়া হঠাতে সংঘটিত হয় বিস্ফোৰণ।
বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত কাৰ্যালয়ৰ আশে পাশে যথেষ্ট লোকৰ ভিৰ আছিল আৰু সেয়ে বহু লোকে ঘটনাটোত প্ৰাণ হেৰুৱায়। হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইফালে বিস্ফোৰণত আহত হোৱা লোকসকলক ওচৰৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।
উল্লেখ্য যে, পাকিস্তানত কাইলৈ অৰ্থাত ৮ ফেব্ৰুৱাৰীৰ ৰাতিপুৱাৰ পৰা অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা দেশখনৰ বেলুচিস্তান আৰু আন আন প্ৰান্তত হিংসাত্মক কাৰ্যকলাপ যথেষ্ট হাৰত বৃদ্ধি পাইছে।
উগ্ৰপন্থীয়ে আৰক্ষী থানাকে ধৰি, নিৰ্বাচন আয়োগৰ কাৰ্যলয়কো আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।