লক্ষ্য লোকসভা; ১৫গৰাকী প্ৰাক্তন বিধায়ক, এগৰাকী প্ৰাক্তন সাংসদৰ বিজেপিত যোগদান

তামিলনাডুৰ ১৫ গৰাকী প্ৰাক্তন বিধায়ক আৰু এগৰাকী প্ৰাক্তন সাংসদসহ আন বহু নেতা-কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি দলত যোগদান কৰিছে।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৱে দক্ষিণ ভাৰতৰ তামিলনাডুত নিজৰ দলীয় স্থিতি শক্তিশালী কৰাত অধিক মনোনিৱেশ কৰিছে।

আজি বিজেপিত যোগদান কৰা অধিকাংশ নেতাই হৈছে বিজেপিৰ পূৰ্বৰ সহযোগী দল AIDMKৰ। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু এল মুৰুগনৰ লগতে ৰাজ্যিক সভাপতিৰ উপস্থিতিত এই লোকসকলে বিজেপিত চামিল হয়।

বিজেপিত যোগদান কৰাৰ পিছতেই এই নেতাসকলে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে অধিকাংশ আসনেই লাভ কৰি দেশত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে।

যোগদান কাৰ্যসূচীৰ পিছত মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে সংবাদ মাধ্যমৰ আগত কয়, ‘যোৱা ১০ বছৰত দেশৰ যি পৰিৱৰ্তন হৈছে সেইটোৰ পৰা স্পষ্ট যে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে এই ধাৰা অব্যাহত থকাটো বিচাৰে’। 

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা দুটাকৈ কাৰ্যকাল বিজেপিয়ে শাসন কৰিলেও হিন্দী বলয় ৰাজ্যৰ দৰে বিজেপিৰ সাংগঠনিক ভেটি মুঠেও শক্তিশালী নহয় দক্ষিণ ভাৰতত।

লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে দলটোৱে বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে এইদৰে বিৰোধীৰ নেতা-কৰ্মীকো দলত চামিল কৰি দলীয় ভেটি মজবুট কৰাৰ লক্ষ্য বান্ধি লৈছে।

Comments (0)
Add Comment