ভোটগ্ৰহণ চলি থকাৰ মাজতেই ভয়ংকৰ বিস্ফোৰণ; ৫ গৰাকী আৰক্ষী জোৱান নিহত

পাকিস্তানত নতুন চৰকাৰ গঠনৰ বাবে আজি ৰাতিপুৱাৰে পৰা দেশখনত চলি আছে ভোটগ্ৰহণ। ভোটগ্ৰহণ চলি থকাৰ মাজতে দুপৰীয়া এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ খবৰ আহিছে।

খাইবাৰ পখতুনখোৱা জিলাৰ ডেৰা ইছমাইল খানৰ কুলাচীত আৰক্ষীৰ মোবাইল ভ্যানক লক্ষ্য কৰি লয় সন্ত্ৰাসবাদীয়ে। উগ্ৰপন্থীয়ে প্ৰথমে আই ই ডি বিস্ফোৰণ কৰে আৰু তাৰ পিছত নিৰ্বিচাৰভাৱে গুলীচালনা কৰে।

সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ৫ গৰাকী আৰক্ষী জোৱান নিহত হোৱাৰ লগতে আন দুজন জোৱান আহত হোৱাৰ খবৰ আহিছে।

এদিন পূৰ্বে অৰ্থাত বুধবাৰেও দেশখনৰ বেলুচিস্তানৰ এটা অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল কমেও ২৬ গৰাকীকৈ লোকে।

উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা দেশখনৰ বেলুচিস্তান আৰু আন আন প্ৰান্তত হিংসাত্মক কাৰ্যকলাপ যথেষ্ট হাৰত বৃদ্ধি পাইছে।

উগ্ৰপন্থীয়ে আৰক্ষী, থানাকে ধৰি নিৰ্বাচন আয়োগৰ কাৰ্যালয়কো আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment