আমাৰ দীৰ্ঘদিনীয়া দাবী আজি পূৰণ হ’ল- কৃষক নেতা ৰাকেশ টিকেইত

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিং চৌধুৰীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰাক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক নেতা ৰাকেশ টিকেইটে।

চৰণ সিঙক ভাৰত ৰত্ন বঁটা প্ৰদান কৰাক লৈ সুখ প্ৰকাশ কৰি কৃষক নেতাগৰাকীয়ে কয় যে আমাৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হৈছে।

তেওঁ কয়, ‘চৌধুৰী চৰণ সিঙক ভাৰত ৰত্ন দিয়াটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল, যিটো আজি পূৰণ হ’ল। তেওঁৰ লগতে কৃষি বিজ্ঞানী এম এছ স্বামীনাথন আৰু প্ৰাক্তন পি এম পি ভি নৰসিংহ ৰাওকো ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰা হৈছে। এইসকল লোকে নিজৰ নিজৰ ক্ষেত্ৰত ভাল কাম কৰি এই সন্মান লাভ কৰিছে। ইয়াৰ বাবে আমি কৃতজ্ঞ’।

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰত ৰত্ন বঁটা ঘোষণা সন্দৰ্ভত ৰাকেশ টিকেইটে কয় যে এই সন্মান ভোটৰ বাবে দিয়া হৈছে নে সন্মানৰ বাবে দিয়া হৈছে সেয়া কেৱল চৰকাৰেহে ক’ব পাৰিব। এই সিদ্ধান্তই ভোটত কিবা প্ৰভাৱ পেলাব নে নাই সেয়া আমি নাজানো। কিন্তু তেওঁলোক এই সন্মানৰ যোগ্য আছিল আৰু তেওঁলোকে এই সন্মান লাভ কৰিছে।

উল্লেখ্য যে, আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওৰ লগতে বিশিষ্ট কৃষি বিজ্ঞানী ড০ এম এছ স্বামীনাথনলৈও আগবঢ়াইছে ভাৰত ৰত্ন সন্মান।

Comments (0)
Add Comment