পঞ্জাৱৰ খাডুৰ চাহিব সংসদীয় সমষ্টিত ৰাজহুৱা সভাত ভাষণ দি আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কয় যে কেতিয়াবা নিজকে তেওঁ এগৰাকী সন্ত্ৰাসবাদী বুলি অনুভৱ কৰে।
লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত জনসভাখনত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে মোক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে।
‘মিছা অভিযোগত তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। তদন্তকাৰী সংস্থাসমূহে বিজেপিৰ নিৰ্দেশত কাম কৰি আছে আৰু তেওঁলোকে মোক জেইলত ভৰাই দিব বিচাৰিছে’, কেজৰিৱালে এইদৰে বিজেপিক সমালোচনা কৰে।
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই লোকসকলে মোক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব বিচাৰে, যাতে আগন্তুক লোকসভা নিৰ্বাচনত মই দলৰ হৈ প্ৰচাৰ চলাব নোৱাৰো।
‘তদন্তকাৰী সংস্থাসকলৰ হাতত মোৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই, তথাপিও ইডিয়ে জাননীৰ পিছত জাননী প্ৰেৰণ কৰি মোক হাৰাশাস্তি কৰি আছে। এইসকল লোকে ভাবিছে যে এনে ভুৱা জাননীত মই ভয় খাম, যদি সেয়া ভাবিছে তেন্তে তেওঁলোকৰ এয়া ভুল ধাৰণা’, কেজৰিৱালে এইদৰে কয়।
উল্লেখ্য যে, দিল্লী আবকাৰী নীতিৰ গোচৰত ইডিয়ে পাঁচবাৰকৈ চমন প্ৰেৰণ কৰিছে। ইডিয়ে প্ৰথমবাৰৰ বাবে ২০২৩ বৰ্ষৰ ২ নৱেম্বৰত চমন জাৰি কৰিছিল। ইয়াৰ পিছত ক্ৰমে ২১ ডিচেম্বৰত দ্বিতীয়খন, ২০২৪ বৰ্ষৰ ৩ জানুৱাৰীত তৃতীয়খন, ১৩ জানুৱাৰীত চতুৰ্থখন আৰু ৩১ জানুৱাৰীত পঞ্চমখন চমন জাৰি কৰিছিল।
দিল্লী আবকাৰী নীতিৰ গোচৰত ইডিয়ে পাঁচবাৰকৈ চমন প্ৰেৰণ কৰাৰ পিছতো মুখ্যমন্ত্ৰী কেজৰিৱালে হাজিৰ নোহোৱাত আদালতৰ কাষ চাপিছিল ইডি।
ইডিৰ এই আবেদনৰ ভিত্তিত যোৱা ৭ ফেব্ৰুৱাৰীত ৰাউছ এভিনিউ আদালতে অৰবিন্দ কেজৰিৱালক ১৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।