শনিবাৰে ছিকিমৰ ৰাণীপুৰত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কমেও ৩০ জন লোক গুৰুতৰভাৱে আহত হৈছে।
অঞ্চলটোৰ টাটা মৈদানত অনুষ্ঠিত মেলাত সমবেত হোৱা শ-শ লোকে টাম্বোলা (স্থানীয় খেল) খেলি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী গাখীৰৰ টেংকাৰ এখনে মেলাত থকা তিনিখন গাড়ীক জোৰেৰে খুন্দা মাৰে আৰু তাৰ পিছত মেলাত উপস্থিত থকা আন বহু লোকক মহতিয়াই লৈ যায়।
এই ঘটনাত থিতাতে ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত কমেও ৩০ জন লোকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে মেলাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। চিঞৰ বাখৰৰ মাজতে মেলাত উপস্থিত থকা লোকসকলে ইজনে সিজনক সহায় কৰি আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰে।
মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মত ব্যক্ত কৰিছে বহু লোকে।