সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ আবু ধাবিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব প্ৰথমটো হিন্দু মন্দিৰ। অহা ১৪ ফেব্ৰুৱাৰীত মোদীয়ে মন্দিৰটোৰ মূল দ্বাৰ উদঘাটন কৰিব।
উল্লেখ্য যে, দুবছৰ পূৰ্বে মন্দিৰটোৰ শিলান্যাস কৰিছিল মোদীয়ে। জানিব পৰা মতে, অহা ১৩ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে আবু ধাবিলৈ যাব প্ৰধানমন্ত্ৰী মোদী।
এই ভ্ৰমণসূচীৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে আবু ধাবিত প্ৰথমটো হিন্দু মন্দিৰ উদ্বোধন কৰিব।
শনিবাৰে এই ভ্ৰমণৰ কথা ঘোষণা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ২০১৫ চনৰ পিছত প্ৰধানমন্ত্ৰীৰ ইউ এ ইলৈ এইটো সপ্তমটো ভ্ৰমণ হ’ব।
বৈদেশিক মন্ত্ৰালয়ে কয়, ‘প্ৰধানমন্ত্ৰীয়ে ইউ এ ইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমকো সাক্ষাৎ কৰিব’।