ৰাজ্যসভাৰ নিৰ্বাচন সমাগত। এনেসময়তে কেন্দ্ৰত শাসনত থকা ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে বুধবাৰে পুনৰ ৫ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
দেশৰ কেইবাখনো ৰাজ্যৰ ৫৬ খন আসনৰ বাবে অহা ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
বিজেপিয়ে বুধবাৰে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগনক মধ্যপ্ৰদেশৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আনহাতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ওড়িষাৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব।
ইফালে মধ্যপ্ৰদেশৰ পৰা আৰু তিনিগৰাকী প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিছে। এই তিনিগৰাকী হ’ল মায়া নৰোলিয়া, বংসীলাল গুৰ্জৰ আৰু উমেশ নাথ মহাৰাজ।
উল্লেখ্য যে, এইবাৰ বিজেপিয়ে ৰাজ্যসভাৰ বহু সাংসদক দ্বিতীয় সুযোগ দিয়া নাই। দলীয় সূত্ৰই জনোৱা মতে, এইবাৰ সুযোগ দিয়া নতুন লোকসকলৰ সংসদীয় ৰাজনীতিৰ অভিজ্ঞতা নাথাকিলেও তেওঁলোকে দীৰ্ঘদিন ধৰি সংগঠনটোত অৰিহণা যোগাই আহিছে।
ইয়াৰ আঁৰত দলৰ কৌশল হ’ল যিমান পাৰি সিমান নতুন লোকে সুযোগ পাওক আৰু
লোকসভা নিৰ্বাচনত পুৰণি প্ৰতিষ্ঠিত মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰি নিৰ্বাচনত যাতে সহজে জয়ী হ’ব পাৰে তাৰ বাবেই এই কৌশল অৱলম্বন কৰা বুলি ধাৰণা কৰা হৈছে।
বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে সুযোগ নিদিয়া জ্যেষ্ঠ নেতাসকলৰ ভিতৰৰ ডাঙৰ নাম হৈছে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোদী। ইয়াৰ উপৰি নাৰায়ণ ৰাণেৰ দৰে প্ৰবীণ নেতাইও ৰাজ্যসভাৰ টিকত লাভ নকৰিলে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১১ ফেব্ৰুৱাৰীত বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছিল। এই তালিকাত আছিল ১৪ গৰাকী প্ৰাৰ্থীৰ নাম।