লোকসভাত আৰু দেখা পোৱা নাযাব কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক। ২৫ বছৰৰ পিছত লোকসভা এৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
বিভিন্ন পৰিস্থিতিৰ মাজেৰে ৰাজনীতিত প্ৰৱেশ ঘটা ছোনিয়া গান্ধীয়ে এইবাৰ ৰাজ্যসভাৰ জৰিয়তে সংসদত প্ৰৱেশ কৰিব। ৰাজ্যসভা নিৰ্বাচনৰ বাবে তেওঁ ৰাজস্থানৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে।
মনোনয়ন পত্ৰ দাখিলৰ সময়ত ছোনিয়া গান্ধীৰ সৈতে উপস্থিত আছিল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকাল অন্ত পৰাত এই আসনখন খালী হৈ পৰিছিল।
উল্লেখ্য যে ৰাজস্থানত কংগ্ৰেছৰ আছে ৭০ গৰাকী বিধায়ক। সেয়ে ইয়াৰ পৰা কংগ্ৰেছে ৰাজ্যসভাৰ এখন আসন পোৱাটো নিশ্চিত।
৭৭ বছৰীয়া ছোনিয়া গান্ধীয়ে ১৯৯৯ চনত প্ৰথমবাৰৰ উত্তৰ প্ৰদেশৰ আমেঠী আৰু কৰ্ণাটকৰ বেল্লাৰী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সেইবাৰৰ নিৰ্বাচনত তেওঁ দুয়োখন আসনৰ পৰা জয়ী হৈছিল।
কিন্তু ২০০৪ চনত তেওঁ উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু তেতিয়াৰ পৰা এই পৰ্যন্ত সেইটো সমষ্টিকেই প্ৰতিনিধিত্ব কৰি আহিছে।
স্মৰ্তব্য যে, কংগ্ৰেছৰ অন্যতম দূৰ্গ হিচাপে পৰিচিত ৰায়বৰেলী সমষ্টিত যিমানবাৰ ছোনিয়া গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সিমানবাৰেই তেওঁ ৫৫ শতাংশ বা তাতোকৈ অধিক ভোট লাভ কৰিছিল।
উল্লেখ্য যে, দেশৰ কেইবাখনো ৰাজ্যৰ ৫৬ খন আসনৰ বাবে অহা ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।