বিজেপি-কংগ্ৰেছক আৰ্থিকভাৱে কোনে সহায় কৰে? এতিয়া জানিব পাৰিব সকলো…

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই সাধাৰণ জনতাৰ ওপৰত কি প্ৰভাৱ পেলাব তাক লৈ এতিয়া অৱতাৰণা হৈছে প্ৰশ্নৰ।

এই সিদ্ধান্তৰ পিছত দেশৰ জনসাধাৰণে জানিব পাৰিব যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিক আৰ্থিকভাৱে কোনে সহায় কৰে। জনসাধাৰণে এই কথাটো জানিব পাৰিব যে তেওঁলোকে যাক ভোট দিয়ে, সেই দলটোক কোনে আৰ্থিক সাহায্য প্ৰদান কৰে আৰু সেই দলটোৰ হাতত কিমান ধন আছে।

উল্লেখ্য যে, নিৰ্বাচনী বণ্ড হৈছে ৰাজনৈতিক দল সমূহক আৰ্থিক সাহায্য প্ৰদান কৰা এক উপায়। ২০১৮ চনৰ ২ জানুৱাৰীত মোদী চৰকাৰে এই ব্যৱস্থাটো কাৰ্যকৰী কৰিছিল।

ইয়াৰ পিছত চৰকাৰে নিজৰ পক্ষত যুক্তি দিছিল যে ইয়াৰ ফলত ৰাজনৈতিক পুঁজিৰ স্বচ্ছতা বৃদ্ধি পাব আৰু ৰাজনৈতিক দলসমূহে চান্দাৰ ৰূপত ক’লা ধনৰ বিপৰীতে বগা ধন লাভ কৰিব। এই আঁচনিখনৰ জৰিয়তে যিকোনো ব্যক্তি, কৰ্পৰেট বা যিকোনো সংগঠনে বণ্ড ক্ৰয় কৰি ৰাজনৈতিক দলক দান দিব পাৰে। ৰাজনৈতিক দলে সেই বণ্ডটো বেংকত নগদ কৰি সেই ধন দলৰ একাউণ্টত জমা কৰিব পাৰে।

বৰ্তমানলৈকে দেশত কেৱল ভাৰতীয় ষ্টেট বেংকেহে ইলেক্টৰেল (নিৰ্বাচনী) বণ্ড জাৰি কৰিব পাৰে। ইয়াৰ বাবে সমগ্ৰ দেশতে ষ্টেট বেংকৰ ২৯টা শাখা অনুমোদিত, য’ত নতুন দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, গান্ধীনগৰ, চণ্ডীগড়, পাটনা, ৰাঁচি, গুৱাহাটী, ভোপাল, জয়পুৰ আৰু বেংগালুৰুৰ শাখাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

ষ্টেট বেংকৰ এই শাখাসমূহে বছৰত চাৰিবাৰকৈ জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰ মাহত বণ্ড জাৰি কৰে আৰু কিনিব বিচৰা ব্যক্তিয়ে বেংকলৈ গৈ বা অনলাইনযোগে ক্ৰয় কৰিব পাৰে।

নিৰ্বাচনী বণ্ডৰ জৰিয়তে দান কৰিলে কি কি লাভ হয়?

ষ্টেট বেংকে জাৰি কৰা নিৰ্বাচনী বণ্ডৰ মূল্য ১০০০ টকাৰ পৰা ১ কোটি টকা। ইয়াৰ ভিতৰত আছে ১০০০ টকাৰ বণ্ড, ১০ হাজাৰ টকাৰ বণ্ড, এক লাখ টকাৰ বণ্ড, ১০ লাখ টকাৰ বণ্ড আৰু ১ কোটি টকাৰ বণ্ড। যিকোনো ব্যক্তিয়ে ৰাজনৈতিক দললৈ দান দিব বিচাৰিলে বেংকৰ পৰা বণ্ড ক্ৰয় কৰি দান দিব পাৰে।

কিন্তু ক্ৰেতাই নগদ ধনেৰে বণ্ড ক্ৰয় কৰিব নোৱাৰে আৰু বেংকত কে ৱাই চি পঞ্জীয়ন কৰিব লাগিব। এই আঁচনিৰ মূল বৈশিষ্ট্য আছিল যে দাতাৰ পৰিচয় প্ৰকাশ কৰা নহয়। অৰ্থাত কোনে কোন দলক কিমান টকা দিছে সেয়া কোনেও নাজানে।

ইয়াৰ আন এটা লাভ হ’ল যে যিকোনো ব্যক্তিয়ে বণ্ডৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়ালে কৰ ৰেহাই পায়।

কোন দলে বণ্ডৰ পৰা কিমান অনুদান লাভ কৰিছে?

১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ২৯এ ধাৰাত পঞ্জীয়ন কৰা ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ড গ্ৰহণ কৰিব পাৰে। নিৰ্বাচনী বণ্ডৰ জৰিয়তে চান্দা লোৱাৰ চৰ্ত হ’ল বিগত লোকসভা নিৰ্বাচনত দলটোৱে কমেও ১ শতাংশ ভোট লাভ কৰিব লাগিব।

বণ্ড ক্ৰয় কৰাৰ ১৫ দিনৰ ভিতৰত ৰাজনৈতিক দলটোৱে পঞ্জীয়নভুক্ত বেংক একাউণ্টত ধন জমা কৰিব লাগিব। যদি দলে তেনে নকৰে তেন্তে বণ্ড বাতিল কৰা হয়।

নিৰ্বাচনী বণ্ডৰ পৰা কোন দলে কিমান অনুদান পাইছে?

এডিআৰৰ প্ৰতিবেদন অনুসৰি ২০১৮ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ জানুৱাৰী মাহৰ ভিতৰত মুঠ ২৮,০৩০ টা নিৰ্বাচনী বণ্ড জাৰি কৰা হৈছে, যাৰ মুঠ মূল্য প্ৰায় ১৬,৫১৮ কোটি টকা।

শেহতীয়া পৰিসংখ্যা অনুসৰি ২০২১-২২ বৰ্ষত বিজেপিয়ে ৬১৪ কোটি আৰু ২০২২-২৩ বৰ্ষত ৭১৯ কোটি টকাৰ অনুদান লাভ কৰিছে। আনহাতে কংগ্ৰেছে ২০২১-২২ বৰ্ষত ৯৫ কোটি আৰু ২০২২-২৩ বৰ্ষত মাত্ৰ ৭৯ কোটি টকাৰ অনুদান লাভ কৰিছে নিৰ্বাচনী বণ্ডৰ পৰা।

২০২১-২২ বৰ্ষত চিপিএম-এ প্ৰায় ১০ কোটি টকাৰ অনুদান লাভ কৰিছিল যদিও ২০২২-২৩ বৰ্ষত মাত্ৰ ৬ কোটি টকাৰ অনুদান লাভ কৰিছিল। ২০২২-২৩ বৰ্ষত আম আদমি পাৰ্টীয়ে লাভ কৰিছিল প্ৰায় ৩৭ কোটি টকা। ২০ হাজাৰতকৈ অধিক পৰিমাণৰ অনুদানৰ ভিত্তিতহে আগবঢ়োৱা হৈছে এই হিচাপ। অৰ্থাত ২০ হাজাৰতকৈ কম পৰিমাণ বৰঙণিৰ হিচাপ দিয়া হোৱা নাই।

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পৰা সাধাৰণ মানুহৰ লাভ কি?

নিৰ্বাচনী বণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই সাধাৰণ মানুহৰ ওপৰত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে যদিও বিগত বছৰ সমূহত দেশৰ ৰাজনৈতিক দললৈ দান দিয়া মানুহ কোন কোন সেই কথা জানিব।

যদি কোনোবাই বিজেপি বা কংগ্ৰেছ বা আন দললৈ আৰ্থিক অনুদান আগবঢ়াইছে তেন্তে এতিয়া তেওঁৰ নাম সকলোৱে গম পাব।

Comments (0)
Add Comment