বিগত দুবছৰ ধৰি ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে চিকিৎসা ক্ষেত্ৰখনৰ বাবে কৰিছে এক ডাঙৰ ঘোষণা।
প্ৰায় প্ৰস্তুত হৈ উঠিছে মাৰাত্মক কৰ্কট ৰোগৰ ভেকচিন। অতি শীঘ্ৰে ই জনসাধাৰণৰ বাবে আগবঢ়াব পৰা যাব বুলি ঘোষণা কৰিছে পুটিনে
বুধবাৰে মস্কোত আয়োজিত এক অনুষ্ঠানত ভাষণ দি পুটিনে কয়, ‘আমি নতুন প্ৰজন্মৰ বাবে কৰ্কট ৰোগৰ ভেকচিন প্ৰায় প্ৰস্তুত কৰি উলিয়াইছো। এই ভেকচিন অতি সোনকালে মানুহৰ মাজলৈ প্ৰেৰণ কৰা হ’ব বুলি আশা কৰিছো। অতি শীঘ্ৰে এইবোৰক ব্যক্তিগতকৃত চিকিৎসাৰ পদ্ধতি হিচাপে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা হ’ব।’
ৰয়টাৰৰ মতে, পুটিনে কয় ‘আমি কেন্সাৰ ভেকচিন আৰু নতুন প্ৰজন্মৰ ইমিউন’মডুলেটৰী ঔষধ সৃষ্টিৰ প্ৰায় ওচৰ চাপিছো।’
অৱশ্যে এই ভেকচিনে কেনে ধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ বা কেনেকৈ প্ৰতিৰোধ কৰিব, সেই বিষয়ে তেওঁ স্পষ্টকে উল্লেখ কৰা নাই।
উল্লেখ্য যে, ৰাছিয়া একমাত্ৰ দেশ নহয় যিয়ে কেন্সাৰৰ ঔষধ বা ভেকচিন নিৰ্মাণৰ চেষ্টা চলাই আছে। বিশ্বৰ বহু দেশ আৰু কোম্পানীয়ে কেন্সাৰ ভেকচিনৰ ওপৰত কাম কৰি আছে।
যোৱা বছৰ ব্ৰিটেইন চৰকাৰে জাৰ্মানীস্থিত বায়’এনটেকৰ সৈতে ‘ব্যক্তিগত কেন্সাৰ চিকিৎসা’ প্ৰদানৰ বাবে ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল। এই চুক্তিৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ১০ হাজাৰ ৰোগীৰ ওচৰ চপাৰ।