টেষ্ট ক্ৰিকেটত বিশেষ কৃতিত্ব গঢ়িলে অশ্বিনে; কুম্বলে আৰু শ্বেন ৱাৰ্নৰ অভিলেখ ভংগ

ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতীয় অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে।

টেষ্ট ক্ৰিকেটত অশ্বিনে সম্পূৰ্ণ কৰিলে ৫০০ উইকেট। টেষ্ট ক্ৰিকেটত ৫০০ উইকেট দখল কৰা অশ্বিন হৈছে দ্বিতীয়গৰাকী ভাৰতীয়। পাঁচখন মেচৰ টেষ্ট শৃংখলাটোৰ প্ৰথম দুখন মেচত অশ্বিনে ৯টা উইকেট লাভ কৰিছিল।

ভাৰতৰ হৈ এতিয়ালৈকে ৯৮খন টেষ্ট মেচ খেলিছে আৰ অশ্বিনে, য’ত তেওঁ ২৩.৯২ গড়ে মুঠ ৫০০ উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁৰ ইকনমি ৰেট হৈছে ২.৭৮।

টেষ্ট কেৰিয়াৰত অশ্বিনে এটা ইনিংছত ২৪ বাৰ ৪ টা উইকেট আৰু ৩৪ বাৰ ৫ টা উইকেট লোৱাৰ কৃতিত্ব অৰ্জন কৰিছে। ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে অশ্বিনে এটা উইকেট লোৱাৰ লগে লগে তেওঁ ভাৰতৰ হৈ টেষ্টত ৫০০ বা তাতকৈ অধিক উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

কেৱল এয়াই নহয়, ৯৮ খন টেষ্টত ৫০০ উইকেট দখল কৰা অশ্বিন বিশ্বৰ দ্বিতীয়জন বলাৰ আৰু ভাৰতৰ প্ৰথমজন বলাৰ হিচাপেও পৰিগণিত হৈছে। এই ক্ষেত্ৰত অতিক্ৰম কৰিছে বিশ্বৰ কিংবদন্তি লেগ স্পিনাৰ শ্বেন ৱাৰ্ণ আৰু অনিল কুম্বলেক।

উল্লেখ্য যে, অশ্বিনৰ পূৰ্বে টেষ্টত ৫০০ উইকেট দখল কৰা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ আছিল অনিল কুম্বলে। ভাৰতৰ হৈ ১৩২ খন মেচ খেলা অনিলে ২৯.৬৫ গড়ে ৬১৯টা উইকেট দখল কৰিছে।

অনিল কুম্বলেৰ উপৰি আন সাতগৰাকী বলাৰেও টেষ্টত ৫০০ উইকেট দখল কৰিছে। সেইসকল ক্ৰিকেটাৰ হ’ল মুথেয়া মুৰুলীধৰণ (৮০০), শ্বেন ৱাৰ্ন (৭০৮), জেমছ এণ্ডাৰছন (৬৯৫), ষ্টুৱাৰ্ট ব্ৰড (৬০৪), গ্লেন মেকগ্ৰাথ (৫৬৩), কাৰ্টলী ৱাল্ছ (৫১৯) আৰু নাথান লায়ন (৫১৭) এ টেষ্টত ৫০০ৰো অধিক উইকেট দখল কৰিছে।

Comments (0)
Add Comment