ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শ্ৰী হৰি কোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি বিয়লি ৫.৩৫ বজাত বতৰ বিজ্ঞান অধ্যয়ন সম্পৰ্কীয় এটা উপগ্ৰহ উৎক্ষেপণ কৰিব। উপগ্ৰহটোৰ নাম GSLV-F14/INSAT-3DS।
উপগ্ৰহটোৰ ওজন ২,২৭৪ কিলোগ্ৰাম লগতে ইয়াৰ নিৰ্মাণত ব্যয় হৈছে ৪৮০ কোটি টকা। উৎক্ষেপণৰ বাবে মহাকাশ সংস্থাটোৱে NAUGHTY BOY নামৰ এটা ৰকেট ব্যৱহাৰ কৰিব।
ইছৰোৰ বাবে ই এক গুৰুত্বপূৰ্ণ অভিযান বুলি অভিহিত কৰা হৈছে। পৃথিৱীৰ উপৰিভাগৰ ক্ৰিয়া-কলাপ, মহাসাগৰ আৰু পৰিৱেশ সম্পৰ্কীয় বিভিন্ন দিশ অধ্যয়নৰ বাবে এই উপগ্ৰহটো উৎক্ষেপণ কৰা হ’ব।
পৰিৱৰ্তিত বতৰৰ উপৰিও এই উপগ্ৰহটোৱে আগন্তুক দুৰ্যোগৰ বিষয়েও সময়োপযোগী তথ্য প্ৰদান কৰিব।