‘দংগল গাৰ্ল’ৰূপে পৰিচিত সুহানী ভাটনগৰ আৰু নাই। ১৭ ফেব্ৰুৱাৰী অৰ্থাত আজি সুহানী ভাটনগৰে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯।
২০১৬ চনত মুক্তি লাভ কৰা আমিৰ খানৰ দংগল ছবিখনত মল্লযোদ্ধা ববিতা ফোগাটৰ শিশু কালৰ চৰিত্ৰত অভিনয় কৰিছিল সুহানী ভাটনগৰে।
কম বসয়তে জনপ্ৰিয়তা অৰ্জন কৰা হাৰিয়ানাৰ ফৰিদাবাদৰ নিবাসী সুহানী দীৰ্ঘদিন ধৰি দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি হৈ আছিল।
সমগ্ৰ শৰীৰত তৰল পদাৰ্থ জমা হোৱা বাবেই সুহানী ভাটনগৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কিছুদিন পূৰ্বে এটা দুৰ্ঘটনাত পতিত হৈছিল সুহানী আৰু এই দুৰ্ঘটনাটোত তেওঁৰ ভৰিখন ভাঙি গৈছিল।
দুৰ্ঘটনাটোৰ পিছত খোৱা ঔষধবোৰৰ ইমানেই পাৰ্শ্বক্ৰিয়া হৈছিল যে লাহে লাহে তেওঁৰ শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে। আৰু অৱশেষত আজি নিয়তিৰ ওচৰত হাৰ মানে অভিনেত্ৰীগৰাকীয়ে।
ফৰিদাবাদৰ ছেক্টৰ ১৫স্থিত আজৰোন্দাৰ স্মশানত অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।
ইফালে অভিনেত্ৰীগৰাকীৰ মৃত্যুত এতিয়া বলিউডৰ লগতে তেওঁৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।