বৰফেৰে আৱৰা পাহাৰত মঞ্চ বনাই তবলাত সুৰ তুলিলে ‘মাহিয়ে জিন্না সোহনা’ গীতত। তবলাটো প্ৰতিধ্বনিত হোৱাৰ লগে লগে যেন নিয়ৰৰ টুকুৰাবোৰেও কাণ দি ৰৈ গৈছে। বতাহৰ শীতলতাক আওকাণ কৰি তবলাত আইকনিক সুৰত ছন্দ মিলালে যুৱকজনে। হিমশীতল পৰিৱেশৰ এই মনোমোহা ভিডিঅ’ই আপোনাকো কৰি তুলিব মোহিত।
‘মাহিয়ে জিন্না সোহনা’ শীৰ্ষক গীতটি দৰ্শন ৰাৱালৰ ‘দৰ্দ’ এলবামৰ। সঘনাই ছ’চিয়েল মিডিয়াৰ ৰীল আৰু ভিডিঅ’ত দেখিবলৈ পোৱা যায় গীতটি। ইউটিউবত ১৬ লাখতকৈ অধিক লাইক পোৱা গীতটিয়ে ইতিমধ্যে হেজাৰ হেজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
তবলাৰ আঁৰৰ মানুহজনৰ নাম প্ৰকাশ নকৰাকৈ থাকিল যদিও তেওঁৰ সংগীতে বহু কথাই কৈ গ’ল। ইতিমধ্যে হৰ্ষ গোৱেংকাই টুইটাৰত শ্বেয়াৰ কৰাৰ লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ’টি।
এজন ব্যৱহাৰকাৰীয়ে লিখিছে – ‘আচৰিত। এয়া অতি সোনকালে বলীউডত দেখিবলৈ পাম।’ আন এগৰাকীয়ে কৈছে -‘ছন্দময়, চিত্ৰময়।’