কলকাতাত উজলিল অসমৰ নৃত্যশিল্পী ঊষাৰাণী বৈশ্য

হাতীগাঁও কীৰ্তন কলা কেন্দ্ৰৰ পৰিচালক তথা সংগীত নাটক একাডেমী বঁটা বিজয়ী তথা এগৰাকী বিশিষ্ট নৃত্যশিল্পী ঊষাৰাণী বৈশ্যক ২০২৪ বৰ্ষৰ সুধা দত্ত বঁটা প্ৰদান কৰা হয়।

শেহতীয়াকৈ কলকাতাৰ সমীৰ ব্ৰহ্মচাৰী বিশ্ব সেৱা আশ্ৰমত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ৰামদাস আথাৱালে এই বঁটা প্ৰদান কৰে। ঊষাৰাণী বৈশ্যই সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ৰঘুনন্দন চৰিত্ৰত অভিনয় কৰিছিল।

ইয়াৰ সমান্তৰালকৈ ঊষাৰাণীৰ শিষ্য ৰিমলী চৌধুৰীয়ে কলকাতাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰী কমলেশ্বৰ উদঘাটন সাংস্কৃতিক মহোতসৱত গোপীনৃত্য আৰু জগন্নাথ নৃত্য পৰিৱেশন কৰে বুলি এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে।

Comments (0)
Add Comment