বিজেপি কাৰ্যকৰ্তাসকলক ১০০ দিনৰ লক্ষ্য বান্ধি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

সন্মুখত লোকসভা নিৰ্বাচন। অলপতে সংসদত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ২০২৪ চনৰ নিৰ্বাচনত বিজেপিয়ে অকলেই ৩৭০খন আসন লাভ কৰিব। আৰু বিজেপি মিত্ৰজোঁটে ৪০০ আসন অতিক্ৰম কৰিব।

শনিবাৰে দিল্লীৰ ‘ভাৰত মণ্ডপম’ত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকৰ প্ৰথম দিনাই দলীয় কৰ্তৃপক্ষক একেই কথা কয় প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে তেওঁ ‘১০০ দিন’ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।

তেওঁ কয় যে দলৰ প্ৰতিজন কৰ্মীয়ে আগন্তুক ১০০ দিন নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত কটাব লাগিব। প্ৰতিজন ভোটাৰৰ ওচৰলৈ গৈ বিজেপিয়ে যোৱা ১০ বছৰত কি কৰিছে সেই কথা ক’ব লাগিব।

দিল্লীৰ ‘ভাৰত মণ্ডপম’ত শনিবাৰৰ পৰা আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক। এই সভাত সকলো বিষয়ববীয়া, সাংসদ, বিধায়ক, শাখা সংগঠনৰ নেতৃত্ব, সকলো ৰাজ্যৰ জিলা সভাপতিসকল উপস্থিত থাকে।

সমগ্ৰ দেশৰ পৰা প্ৰায় ১১,৫০০ বিজেপি প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ৰূপৰেখা এই বৈঠকতে সিদ্ধান্ত লোৱা হ’ব।

নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত হৈছে এই বৈঠক।

Comments (0)
Add Comment