ইউ পি আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাৰ সৈতে জড়িত ১২২ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ishan news

উত্তৰ প্ৰদেশত শনিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাৰ সৈতে জড়িত প্ৰৱঞ্চনামূলক কাৰ্যকলাপত লিপ্ত থকাৰ অপৰাধত ১২২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তিনিদিনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লোককেইজনক।

আজি পুনৰ অনুষ্ঠিত হ’ব আৰক্ষী কনিষ্টব নিযুক্তি পৰীক্ষা। এই পৰীক্ষাত মুঠ ৪৮ লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব। ইয়াৰ জৰিয়তে ৬০,২৪৪টা আৰক্ষী কনিষ্টবলৰ পদ পূৰণ কৰা হব। ৰাজ্যৰ ৭৫ খন জিলাত মুঠ ২৩৭৮ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে।

আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে এক বিবৃতিত কয় যে শনিবাৰে পৰীক্ষাসমূহ খুব সুক্ষ্মভাৱে অনুষ্ঠিত কৰা হৈছে। জিলাসমূহৰ জ্যেষ্ঠ বিষয়াসকলক পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ আগতীয়াকৈ নিৰ্দেশ দিয়া হৈছিল। পৰীক্ষাৰ বাবে প্ৰতিটো কেন্দ্ৰতে চিচিটিভিৰ ব্যৱস্থা কৰা হৈছিল।

১২ ফেব্ৰুৱাৰীত প্ৰশান্ত কুমাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো জ্যেষ্ঠ আৰক্ষী বিষয়াক নিৰ্দেশ দিছিল। লগতে তেওঁ কয় যে পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনো অনৈতিক কাৰ্যকলাপ সংঘটিত নহয় তাৰ বাবেও আৰক্ষীয়ে কেতবোৰ বিশেষ পদ্ধতি গ্ৰহণ কৰে।

গ্ৰেপ্তাৰ কৰা ১২২ জনৰ ভিতৰত ২২ জনক গ্ৰেপ্তাৰ কৰিছে ইউ পি আৰক্ষীৰ বিশেষ টাষ্ক ফ’ৰ্চে। কাণপুৰৰ পৰাও ৪ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰো চেষ্টা চলাইছিল অভিযুক্ত কেইজনে।

Comments (0)
Add Comment