বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছৰ যুদ্ধ এতিয়াও শাম কটা নাই। হামাছক লক্ষ্য কৰি ইজৰাইলে চলাই আছে ধাৰাবাহিক আক্ৰমণ। শেহতীয়াকৈ ইজৰাইলে গাজা উপত্যকাত চলোৱা ভয়ংকৰ আক্ৰমণত অতি কমেও ৪০ গৰাকী পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
পেলষ্টাইন কৰ্তৃপক্ষই জনোৱা অনুসৰি, শনিবাৰে ইজৰাইলৰ যুদ্ধ বিমানে গাজা উপত্যকাৰ নুছীৰাত, অল-জবেদা আৰু দীৰ অল-বলাহ অঞ্চলত আক্ৰমণ কৰে।
সাধাৰণ নাগৰিকৰ ঘৰ সমূহক লক্ষ্য কৰি এই আক্ৰমণ চলোৱাৰ অভিযোগ তোলে পেলেষ্টাইন কৰ্তৃপক্ষই। এই আক্ৰমণৰ পিছত অঞ্চলসমূহৰ পৰা ৪০ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে আঘাতপ্ৰাপ্ত অৱস্থাত বহু লোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।
আক্ৰমণ চলোৱা অঞ্চল সমূহত এতিয়াও বহু লোক ধ্বংসাৱেশৰ মাজত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।
উল্লেখ্য যে, ২০২৩ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা এই যুদ্ধত এতিয়ালৈকে ২৮,৮৫৮ গৰাকী পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হোৱা বুলি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনায়।