শ্ৰীলংকাৰ আগশাৰীৰ স্পিন বলাৰ ৱানিন্দু হাছাৰাংগাই নিজৰ টি-২০ কেৰিয়াৰত এক বিশেষ মাইলৰ খুঁটিত উপনীত হৈছে। টি-২০ত ১০০টা উইকেট দখল কৰা দ্বিতীয় শ্ৰীলংকাৰ খেলুৱৈ হিচাপে পৰিগণিত হয় হাছাৰাংগা।
পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ১০০ উইকেট দখল কৰা হাছাৰাংগা বিশ্বৰ একাদশ খেলুৱৈ আৰু লাছিথ মালিংগাৰ পিছত দ্বিতীয়গৰাকী শ্ৰীলংকান বলাৰ হিচাপে পৰিগণিত হয়।
বৰ্তমান শ্ৰীংলকা টি-২০ দলৰ অধিনায়ক হাছাৰাংগাই এই কৃতিত্ব অৰ্জন কৰে ডাম্বুলাত আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ খেলৰ সময়ত। ২০১৯ চনত অভিষেক ঘটোৱাৰ পিছৰে পৰা লেগ স্পিনাৰ হাছাৰাংগাই টি-২০ত আন যিকোনো বলাৰতকৈ অধিক উইকেট দখল কৰিছে।
উল্লেখ্য যে মালিংগাই নিজৰ টি-২০ কেৰিয়াৰৰ ৭৬ সংখ্যক খেলত ১০০ উইকেট দখল কৰিছিল। আনহাতে হাছাৰাংগাই মাত্ৰ ৬৩ খন মেচত এই বিশেষ কৃতিত্ব গঢ়ে।
কেৱল এয়াই নহয় আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত দ্ৰুততম ১০০ উইকেট দখল কৰা হাছাৰাংগা হৈছে দ্বিতীয়গৰাকী বলাৰ। আন্তঃৰাষ্ট্ৰীয় টি-২০ত দ্ৰুতগতিত ১০০ উইকেট দখল কৰাৰ অভিলেখ আছে আফগানিস্তানৰ ৰাছিদ খানৰ নামত। ২০২১ চনত ৰাছিদ খানে মাত্ৰ ৫৩ খন মেচতে ১০০ উইকেট দখল কৰিছিল।
টি-২০ ক্ৰিকেটত দ্ৰুতগতিত ১০০ উইকেট দখল কৰা বলাৰৰ তালিকা
১. ৰাছিদ খান- ৫৩
২. ৱানিন্দু হাছাৰাংগা- ৬৩
৩. মাৰ্ক এডায়াৰ- ৭২
৪. লাছিথ মালিংগা- ৭৬
৫. ঈশ ছোধি- ৭৮