অভিষেক মেচতে অৰ্ধশতকীয় ইনিংছ খেলা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

ঘৰুৱা ক্ৰিকেটৰ অন্যতম সফল খেলুৱৈ ফাইজ ফজলে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে নাগপুৰত হাৰিয়ানাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ খেলখনৰ চতুৰ্থ দিনটোত শেষবাৰৰ বাবে খেলপথাৰত নামে ক্ৰিকেটাৰগৰাকীয়ে।

১৮ বছৰ বয়সত অৰ্থাত ২০০৩ চনৰ ১৭ ডিচেম্বৰত বিদৰ্ভ ক্ৰিকেট খেলপথাৰত প্ৰথম ৰঞ্জী মেচ খেলিছিল। অভিষেক মেচতে ফাইজে ১৫১ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল।

কিছু সময়ৰ বাবে ৰে’লৱেৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল যদিও পিছত পুনৰ বিদৰ্ভলৈ উভতি আহিছিল ফাইজ।

তেওঁৰ কেৰিয়াৰৰ সফলতা সমূহ

ফাইজৰ অধিনায়কত্বত বিদৰ্ভই একেৰাহে ৰঞ্জি ট্ৰফী আৰু ইৰাণী কাপ লাভ কৰে

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বিদৰ্ভাৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী

১৩৭খন ঘৰুৱা মেচত ২৪টা শতক আৰু ৩৯টা অৰ্ধশতকৰ সৈতে গড়ে ৪১.৩৬ ৰান কৰি ৯,১৮৩ ৰান সংগ্ৰহ কৰে

১০৮ খন ৰঞ্জী মেচত বিদৰ্ভক প্ৰতিনিধিত্ব কৰি ৭,৬৯৩ ৰান সংগ্ৰহ কৰে

১১৩ খন লিষ্ট এ মেচত ১০ শতক আৰু ২২ টা অৰ্ধশতকৰ সৈতে ৩,৬৪১ ৰান সংগ্ৰহ কৰে

উল্লেখ্য যে, ঘৰুৱা ক্ৰিকেটত নিৰন্তৰভাৱে দেখুৱাই অহা প্ৰদৰ্শনৰ বাবে ২০১৬ চনত তেওঁ জিম্বাবৱেৰ বিৰুদ্ধে খেলিবলৈ ভাৰতীয় দলত সুযোগ পাইছিল। অভিষেক এদিনীয়া মেচখনতে তেওঁ অৰ্ধশতকীয় ইনিংছ খেলি সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল। মেচখনত তেওঁ ৬১ টা বলত ৫৫ ৰানৰ ইনিংছ খেলিছিল।

কিন্তু ক্ৰিকেটাৰগৰাকীৰ বাবে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সেয়াই আৰম্ভণি আৰু সেইটোৱেই যেন অন্ত হ’ল। ইয়াৰ পিছত আৰু তেওঁ কেতিয়াও ভাৰতীয় দলত সুযোগ লাভ নকৰিলে।

দীৰ্ঘদিন অপেক্ষা কৰাৰ পিছতো ফাইজে দ্বিতীয়বাৰৰ বাবে ভাৰতীয় দলত খেলাৰ সুযোগ নোপোৱাত তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লয়।  

Comments (0)
Add Comment