টেলিভিশ্বন শ্ব’ৰ জনপ্ৰিয় অভিনেতা ৰিতুৰাজ সিঙৰ হৃদৰোগত আক্ৰান্ত হৈ ৫৯ বছৰ বয়সত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাগৰাকী। কালি বেছি দুৰ্বল হোৱাত ততাতৈয়াকৈ চিকিত্সালয়লৈ লৈ যোৱা হয় যদিও পেনক্ৰিয়াচৰ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে অভিনেতাজনে।
কাহানী ঘৰ ঘৰ কী,কুটুম্ব,হিটলাৰ দিদি, য়ে ৰিষ্টা ক্যা কহলাতা হে আদি বহু অনুষ্ঠানৰ অংশ আছিল অভিনেতাজন।শেহতীয়াকৈ তেওঁক হিট শ্ব’ অনুপমাত দেখা গৈছিল। ছবিৰ ফালৰ পৰা অভিনেতাজনক শেষবাৰৰ বাবে দেখা গৈছিল ইয়াৰিয়ান ২ ত।বদ্ৰীনাথ কী দুলহানীয়াত বৰুণ ধাৱণৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৰিতুৰাজ সিঙে।
অভিনেতাজনৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰিছে অজস্ৰ গুণমুগ্ধই। অভিনেতা সন্দীপ সিকান্দে কয়- ’ এই খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে।’
অভিনেতা হিতেন তেজৱানীয়ে কয়-’খুব দুখ লাগিছে। আমি এজন ভাল মানুহ হেৰুৱালো। গোটেই পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা। ’