ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইংলেণ্ডৰ মাজৰ চতুৰ্থখন টেষ্টৰ পূৰ্বে আলহী দল ইংলেণ্ডক নিজ দেশলৈ ঘূৰি যাবলৈ ধমক প্ৰদান কৰিছে খালিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুনে।
এই সন্দৰ্ভত উগ্ৰপন্থীগৰাকীয়ে মাওবাদীসকলক উচটনি দি ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলখন শীঘ্ৰে বাতিল কৰিব লাগে বুলি মন্তব্য কৰিছে পান্নুনে।
পান্নুৰ এই ভাবুকিৰ পিছতে আৰক্ষী প্ৰশাসনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মঙলবাৰে ৰাঁচীৰ ধুৰভা থানাত এফআইআৰ দাখিল কৰা হৈছে।
খালিস্তানী পান্নুনে বিশেষকৈ মাওবাদীক লক্ষ্য কৰি ইউটিউবত প্ৰকাশ কৰা ভিডিঅ’টোত কয় যে ৰাঁচীৰ জে এছ চি এ ষ্টেডিয়াম জনজাতিৰ ভূমিত নিৰ্মাণ কৰা হৈছে। জনজাতীয় ভূমিত খেলখন অনুষ্ঠিত হ’ব দিব নালাগে।
ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখন বাতিল কৰিবলৈ যাতে বাধ্য হয় তাৰ বাবে তেওঁ মাওবাদীসকলক ঝাৰখণ্ড আৰু পঞ্জাৱত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আহ্বান জনায়।
কানাডাত বহি ভাৰতত হিংসাৰ উচটনি দিবলৈ চেষ্টা কৰা শিখ ফৰ জাষ্টিছৰ গুৰপতৱন্ত সিং পান্নুনে ইউটিউবৰ জৰিয়তে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু ইংলেণ্ড দলৰ অধিনায়ক বেন ষ্ট’কছকো ভাবুকি দিছে।
আনকি তেওঁ ইংৰাজ অধিনায়কক ভাৰত ভ্ৰমণ বাতিল কৰি নিজৰ দলৰ সৈতে নিজ দেশলৈ ঘূৰি যাবলৈও কয়।
সন্ত্ৰাসবাদীগৰাকীৰ এই ভাবুকিৰ পিছতে তৎপৰ হৈ পৰিছে ঝাৰখণ্ড আৰক্ষী। ষ্টেডিয়ামৰ পৰা হোটেললৈ অহা যোৱা কৰা পথৰ লগতে বিমানবন্দৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।