অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)এ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ অভিযোগত চি আই ডিয়ে ৰাহুল গান্ধীৰ লগতে আন কংগ্ৰেছ নেতালৈ চমন জাৰি কৰিছে।
ৰাহুল গান্ধীৰ লগতে আন কংগ্ৰেছ নেতাগৰাকীক ২৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উলুবাৰীৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে।
ৰাহুল গান্ধীৰ লগতে দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ, কে চি বেণুগোপাল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ আৰু দেবব্ৰত শইকীয়াক চমন জাৰি কৰিছে।
ইয়াৰ উপৰি জাকিৰ হুছেইন শিকদাৰ আৰু ৰমেন কুমাৰ শৰ্মাকো চমন জাৰি কৰিছে চি আই ডিয়ে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে চলিত বছৰৰ ১৮ জানুৱাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে অসম ভ্ৰমণৰ সময়ছোৱাত ৰাজহুৱা সা-সম্পত্তি ক্ষতিৰ অভিযোগত এই চমন জাৰি কৰা হৈছে।
দলটোৰ সকলো নেতাক সেইদিনা দিনৰ ১১.৩০ বজাত চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।যদিহে কোনো নেতাই চি আই ডিৰ কাৰ্যালয়ত হাজিৰ নহয় তেন্তে চি আৰ পি চিৰ ধাৰা ৪১এ (৩)ৰ অধীনত গ্ৰেপ্তাৰৰ বাবে দায়বদ্ধ হ’ব।