পুত্ৰৰ পিতৃ-মাতৃ হ’ল বিৰাট-অনুষ্কা, হৃদয় ভৰি যোৱাকৈ কি ক’লে শচীন টেণ্ডুলকাৰে?

মংগলবাৰে পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ কথা ঘোষণা কৰে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই । ক্ৰীড়া আৰু মনোৰঞ্জন জগতৰ বহু তাৰকাই এই খবৰটোক অভিনন্দন জনায়। প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ শুভেচ্ছা বাৰ্তাই বহুতৰে চুইছে হৃদয়। মংগলবাৰে নিশা শচীনে লিখিছে,’বিৰাট আৰু অনুষ্কাক অভিনন্দন। তোমালোকৰ পৰিয়ালত এক অমূল্য ৰত্ন সংযোজন হ’ল। তেওঁৰ নামে যিদৰে ঘৰখন পোহৰাই তুলিছে,আশা কৰোঁ তোমালোকৰ চাৰিওফালো হাঁহি আৰু আনন্দৰে ভৰি থাকক। অনাগত দিনত তোমালোক এনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হ’ব যিবোৰ তোমালোকে গোটেই জীৱন মনত ৰাখিব।এই পৃথিৱীলৈ স্বাগতম,সৰু চেম্পিয়ন।’

‘বীৰুষ্কা’ই পুত্ৰৰ নাম ৰাখিছে ‘অকায়’ । দ্বিতীয় সন্তানৰ জন্মৰ ৫ দিনৰ পিছত অনুষ্কাই লিখিছে,’অন্তৰৰ সকলো মৰম আৰু আনন্দ লৈ আমি ১৫ ফেব্ৰুৱাৰীত আমাৰ পুত্ৰ অকায়াক পৃথিৱীলৈ আদৰি আনিলো।ভামিকাই তাইৰ সৰু ভায়েকক আদৰি লৈছে। আমাৰ জীৱনৰ এই সুন্দৰ সময়ত আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো।এই সময়ত আমাৰ গোপনীয়তাক সন্মান কৰিবলৈও অনুৰোধ কৰিছোঁ।’

Comments (0)
Add Comment