অবৈধ সোণৰ খনি ভাঙি মৃত্যু ১৪ জনৰো অধিক লোক

দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলাত সংঘটিত হৈছে অঘটন। ভেনিজুৱেলাত অবৈধভাৱে পৰিচালিত সোণৰ খনি ভাঙি যোৱাৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলিও জানিব পৰা গৈছে।

চৰকাৰী বিবৃতি অনুসৰি খনিটোৰ ভিতৰৰ পৰা ১৪ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে ১১ জন গুৰুতৰভাৱে আহত হৈছে। সোণৰ খনিটোত এতিয়াও বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

বুল্লা লোকা নামৰ অবৈধ খনিৰ এখন দেৱাল ভাঙি যোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰৰ কাম অব্যাহত ৰাখিছে বুলি জনাই বলিভাৰ ৰাজ্যৰ গৱৰ্ণৰ এঞ্জেল মাৰ্কানোৱে।

মঙলবাৰে বিয়লি এংগোষ্টুৰাৰ মেয়ৰ যৰ্গি আৰ্চিনিয়েগাই কয় যে খনিটোৰ ওচৰৰ এটা সম্প্ৰদায়লৈ প্ৰায় ৩০ টা কফিন লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ পৰা বুজা যায় যে কৰ্তৃপক্ষই মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে।

Comments (0)
Add Comment