আই পি এল ২০২৪ৰ সময়সূচী প্ৰকাশ কৰাৰ পূৰ্বে গুজৰাট টাইটানছ দলৰ বাবে আহিল বেয়া খবৰ। দলটোৰ বলিং লাইনআপৰ প্ৰধান অস্ত্ৰ মহম্মদ ছামীয়ে খেলিব নোৱাৰিব আই পি এল ২০২৪।
বাওঁ ভৰিৰ গোৰোহাৰ আঘাতৰ বাবে অহা মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৪ৰ পৰা বাহিৰ হ’ল গুজৰাট টাইটানছৰ বেগী বলাৰ মহম্মদ ছামী।
এটা আগশাৰীৰ সংবাদ সংস্থাৰ সৈতে হোৱা কথা বতৰাত বিচিচিআইৰ এক সূত্ৰই এই তথ্য প্ৰদান কৰে।
অৱশ্যে এই পৰ্যন্ত গুজৰাট টাইটানছ দলৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ পৰাও আঁতৰি আছে ৩৩ বছৰীয়া বেগী বলাৰগৰাকী। তেওঁ শেষবাৰৰ বাবে ভাৰতৰ হৈ এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেল খেলিছিল।
২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছামী আঘাতপ্ৰাপ্ত হৈছিল, তাৰ পিছৰে পৰা তেওঁ আঘাতৰ পৰা আৰোগ্য লাভ কৰিব পৰা নাই।
জানিব পৰা মতে, অহা মাহত লণ্ডনত তেওঁৰ গোৰোহাৰ অস্ত্ৰোপচাৰ হোৱাৰ সম্ভাৱনা আছে।