পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু বিশাল গছজোপা কত আছে জানেনে? ishan news

এজোপা অতি পুৰণি গছ। গছজোপাৰ নাম GREAT GRANDFATHER। দক্ষিণ চিলিৰ এখন অৰণ্যৰ মাজত আছে এই গছজোপা। এই গছজোপা ৪ মিটাৰ ব্যাসৰ আৰু ইয়াৰ উচ্চতা ২৮ মিটাৰ।

এই গছজোপাক ৫০০০ বছৰৰো অতি পুৰণি বুলি বিশ্বাস কৰা হয়। চিলিৰ বিজ্ঞানীসকলে GREAT GRANDFATHER ক বিশ্বৰ আটাইতকৈ পুৰণি জীৱন্ত গছ বুলি অভিহিত কৰিছে।

গছজোপাই আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা বহু পুৰণি গছকো পিছপেলাই বৰ্তমান আটাইতকৈ পুৰণি গছ হিচাপে চিহ্নিত হৈছে। কেইবছৰমান আগৰ পৰা এই গছজোপা চাবলৈ বহু পৰ্যটকে ভিৰ কৰি আহিছে এই স্থানত।

গছজোপাৰ যাতে একো ক্ষতি নহয় তাৰ বাবে কেতবোৰ বিশেষ পদ্ধতি অৱলম্বন কৰা হৈছে। গৱেষকসকলৰ বিশ্বাস যে এই গছজোপাৰ বিষয়ে ভালদৰে অধ্যয়ণ কৰিলে পুৰণি সভ্যতাৰ বহু ৰহস্য উদঘাটন হ’ব।

Comments (0)
Add Comment