ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এলৰ ১৭ সংখ্যক ছিজনৰ সময় সূচী ঘোষণা কৰিছে বি চি চি আইয়ে। চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত চিন্নাস্বামীত অনুষ্ঠিত হ’ব আই পি এল ২০২৪ৰ প্ৰথমখন মেচ।
উল্লেখ্য যে প্ৰতিযোগিতাখনৰ প্ৰথম ১৫ দিনৰ খেলৰহে সময়সূচী ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতহে বি চি চি আইয়ে আই পি এলৰ পৰৱৰ্তী মেচসমূহৰ সময়সূচী ঘোষণা কৰিব।
সদস্যহতে বি চি চি আইয়ে ঘোষণা কৰিছে মুঠ ২১খন খেলৰ সময়সূচী। ২২ মাৰ্চৰ সন্ধিয়া ৮ বজাত প্ৰথমখন খেল অনুষ্ঠিত হ’ব। মেচসমূহ বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়াৰ খেলসমূহ ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব।
অনুৰাগীৰ বাবে এটাই ভাল খবৰ যে লোকসভা নিৰ্বাচন হ’লেও সমগ্ৰ প্ৰতিযোগিতাখন কেৱল ভাৰততেই অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে বহুবাৰ নিৰ্বাচনৰ বাবে প্ৰতিযোগিতাখন বাহিৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।