কঠোৰ শাস্তিৰ সন্মুখীন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ বেটাৰ শ্ৰেয়াছ আয়াৰ আৰু ঈশাণ কিষাণ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকা দুয়োগৰাকী খেলুৱৈয়ে বি চি চি আইৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে।
২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ প্ৰস্তুতিত ব্যস্ত আছে ঈশাণ কিষাণ। ইফালে পিঠিৰ সামান্য আঘাতৰ দোহাই দি ৰঞ্জী মেচৰ পৰা আঁতৰি আছে আয়াৰ।
দুয়োগৰাকী খেলুৱৈৰ কাৰ্যত অসন্তুষ্ট হৈ পৰিছে বি চি চি আই। সেয়ে এতিয়া দুয়োগৰাকী খেলুৱৈৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিভিন্ন মাধ্যমত গুজব ওলাইছে।
জানিব পৰা মতে, ২০২৩-২৪ বৰ্ষৰ চেণ্ট্ৰেল কন্ট্ৰেক্টৰ পৰা এই দুয়োগৰাকী খেলুৱৈক বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে বি চি চি আইয়ে।
উল্লেখ্য যে, ঘৰুৱা ক্ৰিকেটৰ ৰঙা বলৰ মেচ অৰ্থাত ৰঞ্জী ট্ৰফীত খেলাটো প্ৰতিগৰাকী খেলুৱৈৰ বাবে বাধ্যতামূলক কৰা হৈছে। কিন্তু আঘাতজনিত সমস্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ থকাৰ পিছতো কিষাণ আৰু শ্ৰেয়াছ আয়াৰে নিজ নিজ ৰাজ্যৰ হৈ ৰঞ্জী নেখেলাৰ বাবে এতিয়া দুয়োজনৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে বি চি চি আইয়ে।