ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চিবিআইৰ জৰিয়তে জাননী জাৰি কৰি আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰা বুলি শুকুৰবাৰে দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে অভিযোগ কৰে।
এখন সংবাদমেলত ৰায়ে অভিযোগ কৰে যে চিবিআইয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাবে ফৌজদাৰী বিধি আইন (চিআৰপিচি)ৰ ধাৰা ৪১এ (আৰক্ষী বিষয়াৰ আগত হাজিৰ হোৱাৰ জাননী)ৰ অধীনত এখন জাননী প্ৰস্তুত কৰি আছে।
বিৰোধীয়ে ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰাৰ পিছৰে পৰা বিজেপি হতাশ হৈ পৰিছে বুলিও মন্তব্য কৰে গোপাল ৰায়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জৰিয়তে অৰবিন্দ কেজৰিৱালক জাননী দি দুই-তিনিদিনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।
তেওঁ কয় যে, আমি জানিব পাৰিছো যে ফৌজদাৰী বিধি আইনৰ ৪১এ ধাৰাত জাননী প্ৰস্তুত কৰা হৈছে আৰু তাৰ পিছত তেওঁলোকে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে।
তেওঁ লগতে আৰু অভিযোগ কৰে যে কেজৰিৱালৰ বিৰুদ্ধে ইডিৰ সকলো জাননী বিফল হোৱাৰ বাবে এতিয়া তেওঁলোকে চিবিআইৰ অপব্যৱহাৰৰ পৰিকল্পনা কৰিছে।