আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ১৫ জনৰ মৃত্যু, ৪৪ গৰাকী আহত

চীনৰ এটা অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৪ জন লোক আহত হোৱাৰ খবৰ আহিছে। এই অঞ্চলটোত এমাহ পূৰ্বে সংঘটিত একেধৰণৰ দুৰ্ঘটনাত ৩৯ জন লোকে প্ৰাণ হেৰুৱাইছিল।

স্থানীয় প্ৰশাসনে শনিবাৰে জনোৱা মতে, পূব চীনৰ জিয়াংছু প্ৰদেশৰ ৰাজধানী নানজিঙত অৱস্থিত এটা অট্টালিকাত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয়।

প্ৰশাসনে জনোৱা মতে, শুকুৰবাৰে পুৱা সংঘটিত হোৱা অগ্নিকাণ্ডত আঘাত পোৱা ৪৪ জন লোক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

দেশখনৰ এটা আগশাৰীৰ সংবাদ সংস্থাটোৰ মতে, অট্টালিকাটোৰ প্ৰথম মহলাৰ পৰা জুইৰ সূত্ৰপাত হৈছিল, য’ত ৰখা হৈছিল এখন বৈদ্যুতিক চাইকেল। প্ৰায় এমাহৰ ভিতৰত চীনত সংঘটিত এইটোৱেই দ্বিতীয়টো বৃহৎ অগ্নিকাণ্ডৰ দুৰ্ঘটনা।

চলিত বৰ্ষৰ জানুৱাৰী মাহত পূব চীনৰ জিয়াংছি প্ৰদেশৰ জিনিউ চহৰত অৱস্থিত এটা অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু ইয়াৰ ফলত ৩৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ জন লোক আহত হৈছিল।

Comments (0)
Add Comment